বটদ্ৰৱাৰ ভোমোৰাগুৰি দলঙৰ তলত নৱজাতকৰ মৃতদেহ উদ্ধাৰ…

বটদ্ৰৱাৰ ভোমোৰাগুৰি দলঙৰ তলত নৱজাতকৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ ভোমোৰাগুৰি দলঙৰ তলত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। মানৱতাক লজ্জানত কৰা ঘটনাই পুনৰ সংঘটিত হ'ল বটদ্ৰৱাত। শনিবাৰে নগাঁও-বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ ভোমোৰাগুৰি দলঙৰ তলত নৱজাতকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য সৃষ্টি হৈছে।মানৱতা ভূলুন্ঠিত কৰি কোনোৱে মাতৃত্বৰ পাপৰ বোজা ঢাকিবলৈ নৱজাতকক এইদৰে দলঙৰ তলত পেলাই থৈ যায়।

স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছত নগাঁও-বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ দলঙত ভিৰ পৰিলক্ষিত হয়। স্থানীয় জাজৰি আৰক্ষী থানাত খৱৰ দিয়াত আৰক্ষীয়ে আহি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।উল্লেখ্য যে, পূৰ্বেও বহু বাৰ উক্ত ঠাইডোখৰতে নৱজাতকৰ মৃতদেহ উদ্ধাৰৰ ঘটনা সংঘটিত হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in