ঐতিহ্যমণ্ডিত চাৰিপুনিয়া বিলত উৰুকাৰ সামূহিক মৎস্য চিকাৰত নামিল আঙুৰলতা ডেকা…

ঐতিহ্যমণ্ডিত চাৰিপুনিয়া বিলত উৰুকাৰ সামূহিক মৎস্য চিকাৰত নামিল আঙুৰলতা ডেকা…

ডিজিটেল সংবাদ, বটদ্ৰৱা : উৰুকাৰ সামূহিক মৎস্য চিকাৰ কৰাৰ যি ঐতিহ্যময় পৰম্পৰা আছিল সেই গ্ৰাম্য জীৱনৰ চহকী পৰম্পৰাক জীপাল কৰি আজি হাতে হাতে পল', জাকৈ – খালৈ লৈ নাৱত উঠি চাৰিপুনীয়া বিলত মাছ ধৰিবলৈ লাগিল বিধায়িকা আঙুৰলতা ডেকা।

ৰৌ- মিৰিকা- চিতল – মাছ ধৰি উৎফুল্লিত বিধায়িকা আঙুৰলতাই বটদ্ৰৱাৰ মহিলা সকলৰ লগত একেলগে গালে বিহু। অসমৰ থলুৱা সংস্কৃতিৰ অজানা কথাবোৰ স্বচক্ষে প্ৰত্যক্ষ কৰি অসমৰ গ্ৰাম্যজীৱনৰ জীৱন যাত্ৰাক লগত ভোগৰ উৎসৱ ভোগালীৰ উৰুকাৰ প্ৰস্তুতিত এইদৰে ব্যস্ত হৈ পৰিছে বিধায়িকা আঙুৰলতা ৷ চাৰিপুনীয়া বিলত স্থানীয় লোকৰ সৈতে পল' -জাকৈ – খালৈ লৈ মাছ ধৰাত এক নান্দনিক পৰিবেশৰ সৃষ্টি হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in