বটদ্ৰৱা সমষ্টিৰ আইভেটি গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী-স্বামীৰ নেতৃত্বত দুৰ্নীতি…

বটদ্ৰৱা সমষ্টিৰ আইভেটি গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী-স্বামীৰ নেতৃত্বত দুৰ্নীতি…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কোৰোনাৰ আতংকৰ গইনা লৈ বটদ্ৰৱা সমষ্টিৰ পঞ্চায়ত সমূহত চলিছে অবাধ দুৰ্নীতি। এইবাৰ ঠিকাদাৰৰ ৰূপত জনপ্ৰতিনিধি। সমষ্টিটোৰ দলংঘাট আৰু বটদ্ৰবা উন্নয়ন খণ্ডত এমজিএনৰেগা আৰু ১৪ ফাইনেঞ্চ (MGNREGA & 14 FINANCE)ৰ আচঁনিৰ নামত চলিছে অবাধ লুণ্ঠন ৰাজ। শেহতীয়াকৈ পোহৰলৈ আহিছে দলংঘাট উন্নয়ন খণ্ডৰ আইভেটি গাঁও পঞ্চায়তত চলি থকা অবাধ দুৰ্নীতিৰ তথ্য ।

দলংঘাট আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কল্পনা বৰাৰ স্বামী চিন্টু বৰা। চিন্টু বৰাই আইভেটি গাওঁ পঞ্চায়তৰ বিভিন্ন আঁচনিত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ৰাইজৰ অভিযোগ মতে, পঞ্চায়তটোৰ বৰচিলা গড়কাপ্তানী পথৰ পৰা শিঙিয়া দলনী পথাৰলৈ যোৱা এমজিএনৰেগা আচঁনিৰ ৬,৪৭,৪৪৩ টকা কাম মাত্ৰ ৭ ট্ৰাক মাটি পেলাই আত্মসাৎ কৰিলে আবন্টিত ধনৰ ৫০ শতাংশ।

যাৰ বাবে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ । ইয়াৰ পূৰ্বেও আইভেটি গাওঁ পঞ্চায়তৰ বহুকেইটা চৰকাৰী আচঁনিৰ ধন আত্মসাৎ কৰাৰো অভিযোগ আছে আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী চিন্টু বৰাৰ বিৰুদ্ধে। আচাৰ্যজনক ভাবে অঞ্চলটোৰ স্বয়ং বিজেপি দলৰে কৰ্মী সমৰ্থকে এই অভিযোগ তুলিছে একে দলৰ জন প্ৰতিনিধিৰ বিৰুদ্ধে। ৰাইজৰ দাবী বিধায়িকা আঙুৰলতা ডেকাই অতি শীঘ্ৰে তদন্তৰ ব্যৱস্থা কৰক দুৰ্নীতি পৰায়ণ পঞ্চায়ত প্ৰতিনিধি সকলৰ বিৰুদ্ধে। অন্যথা সময়ত উচিত প্ৰত্যুত্তৰ দিব ৰাইজৰ।

উল্লেখ্য যে, আইভেটি গাঁও পঞ্চায়ত মাথোন এটা উদাহৰণহে। সমষ্টিটোৰ দলংঘাট আৰু বটদ্ৰবা উন্নয়ন খণ্ডৰ অন্তৰ্গত অধিকাংশ পঞ্চায়ততে সংঘটিত হৈছে এনেধৰণৰ দুৰ্নীতি। বিধায়িকা আঙুৰলতা ডেকাই সমষ্টিটোৰ পঞ্চায়ত সমূহত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in