বটদ্ৰৱাৰ বাটমাৰী-হাইডুবী তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা…

বটদ্ৰৱাৰ বাটমাৰী-হাইডুবী তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা…

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰী-হাইডুবী তিনিআলিত বুধবাৰে বিয়লি সংঘটিত হোৱা এক শোকাকুল পথ দুৰ্ঘটনাত এজন ছাত্ৰ থিতাতে নিহত হয়।

বটদ্ৰৱা -বলিকটিয়া সংযোগী গড়কাপ্তানী পথৰে তীব্ৰ বেগেৰে আহি থকা AS12 AC 0939 নম্বৰৰ মালবাহী ট্ৰাকে একে দিশৰে চাইকেলত আহি থকা এজন ছাত্ৰক বাটমাৰী – হাইডুবী তিনিআলিত মহটিয়াই নিয়ে। ফলত থিতাতে ছাত্ৰ জনৰ মৃত্যু হয়। লগ লগেই ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে মালবাহী ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে মৃত ছাত্ৰ জন সোনাইবেৰা গাঁৱৰ জালালুদ্দিনৰ পুত্ৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in