শেহতীয়া খবৰ
সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্বলিল টীয়কৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক  •  ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…  •  চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা

ভগ্নীৰ নিথৰ মৃতদেহ দেখি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ আন এগৰাকী ভগ্নীৰ মৃত্যু, বটদ্ৰৱাত শোকৰ ছাঁ

4,819

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ কেৰিমেৰি আৰু আমলখি গাঁৱত শুকুৰবাৰে নিজ ভগ্নীৰ নিথৰ মৃতদেহ দেখি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ আন এগৰাকী ভগ্নীৰ মৃত্যু হোৱা এক দুখজনক ঘটনা সংঘটিত হৈছে। প্ৰাপ্ত তথ্য মতে, বটদ্ৰৱাৰ সমীপৱৰ্তী কেৰিমেৰি গাঁও নিবাসী আবু বক্কৰ ছিদ্দিক নামৰ ব্যক্তিজনৰ পত্নী তথা ধৰ্মপ্ৰাণ মহিলা ছুফিয়া খাতুন(৬১)ৰ শুকুৰবাৰে পুৱতি নিশা বাধক্য জনিত কাৰণত নিজ বাসগৃহত মৃত্যু হয়।

ছুফিয়া খাতুনৰ মৃত্যুৰ খবৰ লাভ কৰি বটদ্ৰৱাৰ আমলখি গাঁও নিবাসী সাজাহান আলীৰ পত্নী তথা ছুফিয়া খাতুনৰ ভগ্নী ৰহিমা খাতুন(৫৫) খবৰ লবলৈ আহি মৃতদেহৰ ওচৰত ঢলি পৰে। লগে-লগে মহিলা গৰাকীক চিকিৎসালয়লৈ নিয়ে যদিও ভগ্নীৰ মৃত্যুত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলতেই মৃত্যু মুখত পৰে বুলি চিকিৎসকে ঘোষণা কৰে।

একেদিনাই দুগৰাকী ভগ্নীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত কেৰিমেৰীৰ ছুফিয়া খাতুনে স্বামী, একমাত্ৰ পুত্ৰ, তিনি গৰাকী জীয়ৰীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। আনহাতে আমলখিৰ ৰহিমা খাতুনে স্বামী, দুজন পুত্ৰ, চাৰি গৰাকী জীয়ৰীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি