বটদ্ৰৱাত চৰকাৰী ভূমিত বেদখলকাৰীৰ অবৈধ খনন, সংকটত মহাপুৰুষ শ্ৰীমন্ত শংকৰ বিশ্ববিদ্যালয়…

বটদ্ৰৱাত চৰকাৰী ভূমিত বেদখলকাৰীৰ অবৈধ খনন, সংকটত মহাপুৰুষ শ্ৰীমন্ত শংকৰ বিশ্ববিদ্যালয়…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ নিচেই কাষৰ ৰাইদঙীয়া অঞ্চলত চৰকাৰী ভূমিত অবৈধ বেদখলকাৰীৰ দপদপনি চলিছে। কোনো আইন কানুন নমনাকৈ বেদখলকাৰীয়ে দিনে-নিশাই চলাইছে ভূমি খনন কাৰ্য। আৰক্ষী প্ৰশাসনৰ নিলিৰ্প্ততাৰ সুযোগ গ্ৰহণ কৰি এটা দুষ্ট চক্রই মুকলিকৈ চলাইছে এই চৰকাৰী ভূমিত খনন কাৰ্য। কোনোধৰণৰ অনুমতি অবিহনেই নম্বৰৰ প্লেট বিহীন জেচিবিকে ধৰি বিভিন্ন ধৰণৰ অত্যাধুনিক যন্ত্ৰ ব্যৱহাৰ কৰি চৰকাৰী ভূমিত দুষ্ট চক্ৰটোৱে চলাই গৈছে খনন কাৰ্য। বিগত ১৫ দিন ধৰি দিনে ৰাতিয়ে এই দুষ্ট চক্রটোৱে মুকলিকৈ চৰকাৰী ভূমিত খনন কাৰ্য চলাই থকাত সৃষ্টি হৈছে বৃহৎ পুখুৰীৰ। মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্বৰ দৰবাৰত জিলিকাই তুলাৰ মহান লক্ষ্য উদ্দেশ্যৰে বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইদঙীয়াৰ আতোৱাটিকাত নিৰ্মাণকাৰ্য চলি থকা শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ নিচেই কাষতেই দুষ্টচক্ৰটোৱে এই দৰে মাটি খান্দি থকা কাৰ্যত জাঙুৰ খাই উঠিছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে স্থানীয় বিভিন্ন দল সংগঠন।

বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে জনোৱা অভিযোগ অনুসৰি অবৈধ বেদখলকাৰীয়ে চৰকাৰী ভূমিত এইদৰে খনন কাৰ্য চলোৱাত প্ৰতিষ্ঠাৰ কালতে মহান অনুষ্ঠানটো এতিয়া সংকটৰ দিশলৈ গতি কৰিছে। সেয়েহে চৰকাৰক উচিত ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে। স্থানীয় দল সংগঠনৰ অভিযোগ অনুসৰি প্ৰশাসনৰ বৰমূৰীয়া একাংশ বিষয়াই বৃহৎ ধনৰ বিনিময়ত এই দুষ্ট চক্রটোক ভূমি খননৰ অনুমতি দিছে। সেয়েহে মুকলিকৈ দিনে নিশাই ভূমাফিয়াই চলাইছে অবৈধ ভূমি খনন কাৰ্য। কিছুদিনৰ আগতে স্থানীয় কেইজনমান লোকে অবৈধ ভূমি খনন কাৰ্য চলাই থকা অৱস্থাত বাধা প্ৰদান কৰাত ভূমি খনন চলাই থকা এজন গাড়ী চালকে কয় যে এটা চৰকাৰী বিভাগৰ অভিযন্তাই উক্ত খনন কাৰ্য্য চলাবলৈ প্ৰদান কৰিছে অনুমতি।

এতিয়া প্ৰশ্ন হয় চৰকাৰী ভূমিত অবৈধ ভাবে ৰাজত্ব কৰা কোন এইজন অভিযন্তা ? এই অভিযন্তাৰ সৈতে আছে নেকি প্ৰশাসনৰ গোপন মিতিৰালি? আনহাতে বটদ্ৰৱাৰ ভেটিয়ণী গাঁৱৰ পিছফালে অৱস্থিত ভোমোৰাগুৰিৰ লালুংগাঁৱৰ ৰিজাৰ্ভত বেদখলকাৰীয়ে ঘৰ বাৰী বস্তি সাজি দীৰ্ঘদিনে অবৈধ বসবাস কৰি আহিছে। ইফালে বটদ্ৰৱাৰ কৃষি বিভাগৰ বীজ পামৰ নামত আৱন্টিত ভূ খণ্ডত শেহতীয়াকৈ বেদখলকাৰীৰ ৰম্যভূমিলৈ পৰ্যবসিত হৈছে। বটদ্ৰৱা আৰক্ষীৰ চকুৰ সন্মুখতে অবৈধ বেদখল চলিছে। বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজান বজাৰতো শেহতীয়াকৈ বেদখলকাৰীৰ দপদপনি বৃদ্ধিপাব ধৰিছে ।

জাতীয় জীৱনৰ চিৰনমস্য জগত গুৰু শ্ৰীমন্ত শংকৰৰদেৱ আৰু মহিয়সী নাৰী সতীৰাধিকাৰ স্মৃতিৰে মহীয়ান এইখন বজাৰত একাংশই নিশাৰ ভিতৰত বেদখল কৰি জোৰ জবৰদস্তি ভূমি দখল কৰিছে। এসময়ত বটদ্ৰৱা থানৰ অধীনত থকা বৰহিছা গ্ৰেজিং ৰিজাৰ্ভ এতিয়া অস্তিত্বৰ সংকটত ভূগিছে। সময় থাকোতেই বটদ্ৰৱাৰ দৰে পবিত্ৰ তথা ঐতিহাসিক অঞ্চলটোৰ সাংস্কৃতিক সুৰক্ষাৰ নিশ্চিত কৰি এই অবৈধ বেদখলৰ উচ্চেদৰ বাবে অসম চৰকাৰক দাবী জনাইছে বটদ্ৰৱা থান পৰিচালনা সমিতি, বটদ্ৰৱা প্ৰেছ ক্লাৱ, বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি কেইবাটাও দল সংগঠনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in