হাতত ঝাড়ু লৈ বটদ্ৰৱা থানৰ চৌহদত বিধায়িকা আঙুৰলতা ডেকা…VIDEO

হাতত ঝাড়ু লৈ বটদ্ৰৱা থানৰ চৌহদত বিধায়িকা আঙুৰলতা ডেকা…VIDEO


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত হাতত ঝাড়ু লৈ বিধায়িকা আঙুৰলতা ডেকা । লং পেন্ট পৰিধান কৰি এজাক পুৰুষ-মহিলাৰ সৈতে চাফ-চিকুণত ব্যস্ত আঙুৰলতা ডেকা । বিভিন্ন সময়ত বিভিন্ন ৰূপত দেখা পোৱা বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাক এইবাৰ এই দৰে দেখিবলৈ পোৱা গ'ল এক অন্য ৰূপত ।

ৰাইজ, ভকত বৈষ্ণৱ সকলৰ সৈতে বটদ্ৰৱা থান চৌহদ বিধায়িকা আঙুৰলতা আৰু নগাঁও জিলা প্ৰশাসনৰ বিষয়ই এনেদৰেই হাতে হাতে ঝাৰু লৈ কৰিলে চাফ-চিকুণ । লগতে ৰুপন কৰিলে বিভিন্ন ধৰণৰ গছ পুলি । মংগলবাৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত বটবৃক্ষ আৰ্থ-সামাজিক সংগঠনে সহযোগত কৰা এই স্বচ্ছ ভাৰত অভিযান আৰু বৃক্ষ ৰোপন কাৰ্যসূচীত এনেদৰেই অংশগ্ৰহণ কৰি বটদ্ৰৱাৰ থানৰ চৌহদত চাফ-চিকুণত ব্যস্ত বিধায়িকা আঙুৰলতা ডেকাৰ লগতে সহস্রজনে ।

বিধায়িকা আঙুৰলতা ডেকাই হাতত ঝাড়ু লৈ সাধাৰণ ৰাইজৰ সৈতে এনেদৰে চাফ-চিকুণ কৰা কাৰ্যত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ সকলে একে মুখে শলাগ লয়। উল্লেখ্য যে স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পার্টিৰ ধিং টাউন মণ্ডলৰ উদ্যোগত আৰু ধিং ক্ৰীড়া সন্থাৰ সহযোগত বিধায়িকা আঙুৰলতা ডেকা আৰু অভিনেতা ৰবি শৰ্মাৰ একতা দৌৰত কৰে অংশগ্ৰহণ । এই একতা দৌৰ কাৰ্য্যসূচীত ধিঙৰ পৰা আৰম্ভ কৰি অন্ত পৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত । এই একতা দৌৰ অন্ত পৰাত এই স্বচ্ছ ভাৰত আৰু বৃক্ষ ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়িকা গৰাকীয়ে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in