ৰাইদঙীয়াৰ শ্যামকলীয়া গাঁৱত দিন দুপৰতে চুৰিকাণ্ড…

ৰাইদঙীয়াৰ শ্যামকলীয়া গাঁৱত দিন দুপৰতে চুৰিকাণ্ড…

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত গাঁওসমূহত আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ চুৰি, ডকাইতি, জুৱা, সুৰা আদি বিভিন্ন অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছে। বুধবাৰে জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়া শ্যামকলীয়া গাঁৱত দিন দুপৰতে চুৰিকাণ্ড সংঘটিত হয়।

ঘটনাৰ বিৱৰণী মতে, গাঁওখনৰ পোনাৰাম শইকীয়া নামৰ ব্যক্তিজনে দুপৰীয়া ঘৰত তলা লগাই পৰিয়ালৰ সৈতে বৰদোৱাৰ দৌল উৎসৱলৈ গৈছিল। পাছত চোৰে পাছফালৰ দুৱাৰৰ হুক ভাঙি প্ৰবেশ কৰি শোৱনি কোঠাৰ ষ্টিল আলমিৰা আৰু দুটা টিনৰ বাকচ ভাঙি এডাল সোনৰ চেইন, দুটা সোনৰ আঙঠি, দুটা দামী মবাইল হেণ্ডছেট, এটা দামী কেমেৰা সহ নগদ দহ হেজাৰ টকালৈ উধাও হয়।

পাছত ঘৰলৈ ঘুৰি আহি হতভম্ব হৈ পৰে। আৰক্ষীক খবৰ দিয়াত ৪ বজাত জাজৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও চুৰৰ কোনো শুংসূত্ৰ উলিয়াব সমক্ষ হোৱা নাই বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in