বটদ্ৰৱাৰ সুনিল বৰুৱাই বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱক বিতৰণ কৰিলে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী…

বটদ্ৰৱাৰ সুনিল বৰুৱাই বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱক বিতৰণ কৰিলে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী…


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা থানৰ হাটীবহাৰ ভকত বৈষ্ণৱৰ মাজত দেওবাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে বটদ্ৰৱা কিষান সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী সুনীল বৰুৱাই। দিনে নিশাই বটদ্রৱা থানৰ চৈধ্য প্ৰসঙ্গ চলাই থকা কেৱলীয়া ভকত সকলৰ লকডাউনৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হৈছে।

ইয়াৰ মাজতেই মানৱতাৰ সুন্দৰ নিদৰ্শন দেখুৱাই বটদ্ৰৱাৰ যুৱ ব্যৱসায়ী সুনীল বৰুৱাই ভকত সকলক চাউল, দালি, আলু, মিঠাতেল আৰু চাবোন বিতৰন কৰে। এই খাদ্য বিতৰণত উপস্থিত থাকি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই সুনিল বৰুৱাৰ মহানুভৱতাক শলাগ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in