গুৰুজনাৰ জন্মস্থান বটদ্রৱাত নৱবৰ্ষৰ প্ৰথম দিনা অগণন তীৰ্থযাত্ৰীয়ে ল’লে আশীষ, চাওক VIDEO

গুৰুজনাৰ জন্মস্থান বটদ্রৱাত নৱবৰ্ষৰ প্ৰথম দিনা অগণন তীৰ্থযাত্ৰীয়ে ল’লে আশীষ, চাওক VIDEO

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া জাতীয় জীৱনৰ সঞ্জীৱনী সুধা সদৃশ ব'হাগৰ বতৰত ঢোল, পেপা, গগনাৰ মাতত অসমবাসী ৰং- আনন্দত মতলীয়া হোৱাৰ সময়ত জগত গুৰু শ্রীমন্ত শংকৰ দেৱৰ জন্মস্থান বটদ্রৱাতো পাৰম্পৰিক স্বকীয়তাৰে বহাগ বিহু উদযাপন কৰা হৈছে। দেওবাৰৰ গৰুৰ বিহু দিনা শ্রীশ্রী বটদ্রৱা থানত ফাকুৱাৰ গোসাঁই শিৰত দিবলৈ ভেষজ উপাদানেৰে প্রস্তুত কৰা গন্ধ তেল দুই সত্রৰ বৰমেধি আৰু হাতীমতাইপ্রতি ঘৰ গৃহস্থৰ পদূলিয়ে পদূলিয়ে দিয়াৰ পাছতে গৃহস্থই মাটি মাহ, হালধিৰে নোৱাই ঐতিহাসিক শান্তিজানত গৰু গা ধুৱায়।

পৰম্পৰা আনুসৰি গৰুৰ বিহুৰ পিছ দিনা অথাৎ বছৰৰ প্রথম দিনটোত বটদ্রৱাৰ শ্রীশ্রী শলগুৰি সত্রই গোসাঁই বিহু হিছাপে পালন কৰে।
নৱবৰ্ষৰ প্ৰথম দিনটোত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত পুৱাৰে হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ আগমন ঘটিছে। সোনবাৰৰে পৰা আৰম্ভ হল অসমীয়া নৱবৰ্ষ। সেয়ে ৰাজ্যৰ বিভিন্ন প্রান্তৰ অগণন ভকত বৈষ্ণৱৰ উপস্থিতিত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে বটদ্ৰৱা থান।

এক ব'হাগৰ দিনা বছৰটোৰ মংগল কামনাৰে বটদ্রৱাৰ কীৰ্তন ঘৰ, পদশিলা, দৌল মন্দিৰত অগণন ভক্তৰ সমাগম হয়। বিহু উপলক্ষে দুপৰীয়া কীৰ্তনত "ৰঙে ফাকু খেলে চৈতন্য বনমালী" আৰু "জয় জগন্নাথ" শীৰ্ষক কীৰ্তন পৰিবেশন কৰে। আনহাতে পহিলা বহাগৰ দুপৰীয়া বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে ভকত-বৈষ্ণৱ, থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক আৰু সদস্যসকলক লগত লৈ থানৰ কীৰ্তনঘৰৰ পশ্চিমে এটি চন্দন গছ পুলি ৰোপণ কৰে।

সন্ধিয়া ৫০০ বছৰীয়া পৰম্পৰাক অনুসৰণ কৰি গোসাঁইক বা দিয়া পৰ্ব

বটদ্রৱা থানত পাৰম্পৰিক স্বকীয়তাৰে বহাগবিহু উদযাপন কৰা হৈছে।  বছৰৰ প্ৰথমটো সন্ধ্যাত ডবা কোবোৱাৰ সময়ত মনিকুটৰ আসন , গা-ঘৰৰ আসন আৰু দুই পদশিলাত গোসাঁই 'বা' দিয়া পৰ্ব পালন কৰা হয়।
সন্ধ্যা বটদ্ৰৱাৰ শলগুৰি আৰু নৰোৱা সত্ৰৰ ভকতসকল কীৰ্তন ঘৰত সমবেত হৈ ডবা, শংখ, ঘন্টা, কাহ, খোল তাল আৰু আয়তীৰ মংগল উৰুলিৰ মাজেৰে সত্ৰাধিকাৰৰ, মেধি আৰু নামলগোৱাই বৰ বিচনী আৰু চোৱৰেৰে প্ৰথমে মনিকূটৰ আসনত সাত বাৰ, গা ঘৰৰ আসনত পাচ বাৰ আৰু দুই পদশিলাত তিনি বাৰকৈ 'গোসাঁই বা' দিয়া অনুষ্ঠান সম্পন্ন কৰে।
উল্লেখ্য যে বটদ্রৱা থানৰ এই 'গোসাঁই বা' দিয়া পৰম্পৰা ৫০০ বছৰ পুৰণি। এই পৰম্পৰাত বিশ্বাসী বটদ্ৰৱা আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ ভকত বৈষ্ণৱে পহিলা বহাগৰ গোসাঁই বা দিয়াৰ পূৰ্বে কোনো কাৰণত বিচনী বা পাংখা ব্যৱহাৰ নকৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in