এটি প্ৰাচীন কলাৰ সৈতে জড়িত বটদ্ৰৱাৰ এটি পৰিয়াল…

এটি প্ৰাচীন কলাৰ সৈতে জড়িত বটদ্ৰৱাৰ এটি পৰিয়াল…

ডিজিটেল সংবাদ, বটদ্ৰৱা: সাম্প্ৰতিক যান্ত্ৰিক যুগৰ নৱপ্ৰজন্মই চিনি নোপোৱা কুঁহিলা শিল্পকলাক জীয়াই ৰখাৰ সাধনাত ব্ৰতী হৈ আহিছে বটদ্ৰৱাৰ এটি পৰিয়াল। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বটদ্ৰৱা শলগুৰি সত্ৰৰ নামলগোৱা শিশুৰাম বৰুৱাই সুদীৰ্ঘ ৪০ বছৰ ধৰি কুঁহিলা শিল্প চৰ্চাৰে পৰিয়াল পোহপাল দিয়াৰ লগতে আন দহজনক কুঁহিলা শিল্পৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰয়াস চলাই আহিছে।

১৯৭৭ চনৰ পৰাই স্বকীয় সাধনাৰে সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে নিজে কুঁহিলা গছৰ খেতি কৰি সেই গছ শুকুৱাই শিশুৰাম বৰুৱাই কুঁহিলাৰে কঠ, বিভিন্ন মুখা, হাঁহ, পাৰ, ময়ূৰ, শালিকা, বগলী, ৰাজহাঁহ, নাম সিংহ, হাতী, ঘোৰা, গড়, ভালুক, বাঘ, মগৰ, কাছ, মাছ, ফুল, মালা, মুকুট, ফুল ধনী, অশোক স্তম্ভ, হনুমান, ৰাম লক্ষ্মণ, দশানন, আৰু বিভিন্ন পুতলা, মুখা আদি তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ।

এই সামগ্ৰীসমূহ প্ৰস্তুতকৰণত ঢেঁকীয়াৰ আঠা, বাহৰ কাঠি আদি জৈৱিক উপাদানেৰে তৈয়াৰ কৰা হয়। লকডাউনৰ সময়ছোৱাত ঘৰতে পিতা শিশুৰাম বৰুৱাৰ লগতে পুত্ৰ ধৰ্মেশ্বৰ বৰুৱাই নিৰলস ভাবে এই সাধনা চলাই আছে। কিন্তু বৰ্তমান লকডাউনৰ সময়ছোৱাত এই প্ৰস্তুত কৰা সামগ্ৰী সমূহ বিক্ৰি কৰিব নোৱাৰি পৰিয়ালটি মাজত আৰ্থিক সমস্যাই দেখা দিছে।

শিশুৰাম বৰুৱা আৰু পুত্ৰ ধৰ্মেশ্বৰ বৰুৱাই এই কুঁহিলা শিল্পৰ প্ৰতি আকৰ্ষিত নৱ প্ৰজন্মক শিকাই স্বাবলম্বী হোৱাৰ বাট দেখুৱাৰ লগতে শিল্প বিধক জীয়াই ৰখাৰ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। শিশুৰাম বৰুৱা এই শিল্প সাধনাৰ বাবে ৰাজ্যিক বঁটা লাভ কৰাৰ উপৰিও দেশ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমাদৃত হৈছে যদিও আজিকোপতি ৰাজ্যিক শিল্পী পেঞ্চন লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in