পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ উদ্যোগত বিশিষ্ট বৈষ্ণৱ পণ্ডিত পৰমানন্দ দেৱমহন্তৰ স্মৃতিচাৰণ সভা…

পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ উদ্যোগত বিশিষ্ট বৈষ্ণৱ পণ্ডিত পৰমানন্দ দেৱমহন্তৰ স্মৃতিচাৰণ সভা…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ যোৱা ১৪ জানুৱাৰী তথা ভোগালীৰ উৰুকাৰ নিশাই বটদ্ৰৱাবাসীৰ লগতে অসংখ্য শিষ্য পশিষ্যক কন্দুৱাই চিৰদিনৰ বাবে বিদায় লোৱা বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট বৈষ্ণৱ পণ্ডিত পৰমানন্দ দেৱমহন্তৰ আদ্যশ্ৰাদ্ধৰ দিনা দেওবাৰে এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ উদ্যোগত আৰু বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ ৰাইজ আৰু আইমাতৃ সৱৰ সহযোগত অনুষ্ঠিত সভাখনিত সত্ৰীয়া সংস্কৃতিৰ সাধক, চিৰকুমাৰ সত্ৰাধিকাৰ গৰাকীৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰি বিভিন্ন জনে অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি থগিত মহন্ত সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ আঁত ধৰে সম্পাদক মানিক বৰাই।

অনুষ্ঠানটিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰা, প্ৰাক্তন কাৰ্যকৰী সভাপতি হৰেন্দ্ৰ কুমাৰ দেৱমহন্ত, সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, অধ্যাপক ড০ বিমান হাজৰিকা, দিলীপ কুমাৰ ভূঞা, কুশ বৰদলৈ, প্ৰমথেশ দেৱগোস্বামী, আলিপুখুৰী শাখা সাহিত্য সভাৰ সম্পাদক হৰিনাৰায়ণ কোঁৱৰ, সত্ৰাধিকাৰ তংকেশ্বৰ গোস্বামীকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in