পহিলা বহাগত বটদ্ৰৱাৰ বালিসত্ৰ বাসীয়ে ইজনে-সিজনক তেল ঘঁহি পালন কৰিলে লোকাচাৰ…

পহিলা বহাগত বটদ্ৰৱাৰ বালিসত্ৰ বাসীয়ে ইজনে-সিজনক তেল ঘঁহি পালন কৰিলে লোকাচাৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  বটদ্ৰৱাৰ ঐতিহাসিক বালিসত্ৰত পৰম্পৰাগত লোকবিশ্বাস অনুসৰি সোমবাৰে পহিলা বহাগত গাঁৱৰ ডেকা বুঢ়া সকলোৱে ইজনে সিজনক সৰিয়হ তেল সানি আনন্দ স্ফূর্তি কৰি পালন কৰে বিহু।

বালিসত্ৰ বাসীৰ লোক বিশ্বাস অনুসৰি বছৰৰ প্ৰথম দিনটোত সৰিয়হৰ তেল সানিলে বছৰটোৰ বাবে মলি আতৰ হয়। সেই বাবেই সমগ্ৰ বালিসত্ৰ বাসী ৰাইজে পুৱাই সমবেত হৈ পৰম্পৰাগত খেল-ধেমালিৰ অন্তত বাহৰ চুঙাত তেল লৈ ইজনে সিজনক ঘঁহি আনন্দ উল্লাস কৰে।

মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ পৰা ৪ কিলোমিটাৰ দক্ষিণে অৱস্থিত ঐতিহ্যমণ্ডিত বালিসত্ৰৰ প্ৰায় দুশ বছৰ পুৰণি এই তেল সনা লোকাচাৰ আজিওঁ জীয়াই ৰাখি অসমীয়া চহকী বৰ্নিল সংস্কৃতিক জীপাল কৰি তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in