শেহতীয়া খবৰ
জি-৭ত প্ৰধানমন্ত্ৰী মোদীঃ এক পৃথিৱা, এক স্বাস্থ্যৰ বাৰ্তা প্ৰেৰণ...  •  ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেত্ৰীৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি

ৰঙালী বিহুৰ পৰম্পৰা বটদ্ৰৱাত গৃহস্থৰ চোতালত হুচৰি কীৰ্তন…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি প্ৰথম দিন। ৰঙালী বিহু মানেই হৈছে হুচৰি। অসমৰ প্ৰতিখন গাঁৱত প্ৰতিটো চুবুৰীত, তথা চোতালে চোতালে মুখৰিত হব হুছৰি। মুৰৰ চুলি চিগি আশীৰ্বাদ কৰিব গৃহস্থক।

এই অনুপম হুচৰি সংস্কৃতি উজনি নামনি আৰু মধ্য অসমত পৃঠক পৃঠক শৈলীৰে পৰিবেশ কৰি অহিছে শ শ বছৰ ধৰি। উজনি অসমত ঢোল পেঁপা তাল সংগত প্ৰকৃতি বিষয়ক হুছৰিৰ পৰিবৰ্তে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা তথা নগাঁও, মৰিগাঁও জিলাত হুচৰিত কৃষ্ণ নাম লৈ ‘হুছৰি কীৰ্তন’ পৰিবেশন কৰা নিয়ম।

এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী গোসাঁই খন্দা গাঁৱৰ জীয়ৰী বোৱাৰী সকলে বিহুৰ প্ৰথম দিনটোত উলাই আহি গৃহস্থৰ চোতালত হুচৰি পৰিবেশন কৰি গৃহস্থক বছৰটোৰ বাবে আশীৰ্বাদ প্ৰদান কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি