স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ছহীদ গুনাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন…

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ছহীদ গুনাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন…


ডিজিটেল সংবাদ, বটদ্ৰৱা: ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বুধবাৰে নগাঁও জিলাৰ কপাহেৰাত ১৯৪২ চনৰ শ্বহীদ গুনাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে বিধায়িকা আঙুৰলতা ডেকাই । উল্লেখ যে কিছু দিনৰ পূৰ্বে শ্বহীদ গুনাভিৰাম বৰদলৈৰ বাসগৃহত বিধায়িকা গৰাকী উপস্হিত হৈ ছহীদ গৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতিৰ প্ৰতি সহাঁৰি জনাই বুধবাৰে তেও এক মাংগলিক পৰিবেশত শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ আধাৰশিলা স্থাপন কৰে।

ইয়াৰ পূৰ্বে স্বাধীনতা দিৱস উপলক্ষে আয়োজিত এক একতা দৌৰত অংশগ্ৰহণ কৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে হাতে হাতে ঝাৰু লৈ চাফাই অভিযানত নামে বটদ্ৰৱাৰ বিধায়িকা গৰাকী । লং পেন্ট আৰু স্পৰটিং পৰিধান কৰি এজাক ছাত্ৰ ছাত্ৰীৰ সৈতে চাফ-চিকুণৰ লগতে বিদ্যালয় চৌহদত বৃক্ষৰোপন কৰাত ব্যস্ত থকা দেখা যায় আঙুৰলতা ডেকাক ।

আনহাতে স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পার্টিৰ দলংঘাট মণ্ডল দ্বাৰা আয়োজিত একতা দৌৰতো বিধায়িকা ডেকাই অংশগ্ৰহণ কৰে । বিজেপি দলৰ দলংঘাট মণ্ডলৰ সভাপতি যজ্ঞেস্বৰ বৰা , কলিয়াবৰ জিলা সমিতিৰ উপসভাপতি অতুল পাটৰ , হাতীচোং জিলা পৰিষদৰ সদস্য সীমাৰেখা ভৰালী আদিৰ লগতে বহুসংখ্যক দলীয় নেতা কৰ্মী আৰু সাধাৰণ ৰাইজে অংশ লোৱা এই একতা দৌৰ কাৰ্য্যসূচী চাবুকধৰাৰ পৰা আৰম্ভ হৈ কপাহেৰাত অন্ত পৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in