বটদ্রৱাত শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসবৰ ব্যাপক প্রস্তুতি…

বটদ্রৱাত শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসবৰ ব্যাপক প্রস্তুতি…

ডিজিটেল সংবাদ, বটদ্রৱা: ঋতুৰাজ বসন্তৰ আগমন ঘটাৰ লগে লগে প্রকৃতিয়ে যেন নতুন ৰূপ ধাৰন কৰে। বসন্তৰ কালত পালন কৰা উৎসৱ সমূহৰ ভিতৰত দৌল যাত্রা উৎসৱ অন্যতম। জগত গুৰু শ্রী শংকৰদেৱে বটদ্রৱাত পোন প্রথম বাৰৰ বাবে দৌল উৎসৱ পাতিছিল; সেই ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণ ভাবে প্রতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্নিমা তিথিত পালন কৰা হয়। এই বছৰো ৮ মাৰ্চৰ পৰা ১২ মাৰ্চলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰা বাবে যুদ্ধকালীন গতিৰে প্রস্তুতি চলিছে।

ইতিমধ্যে শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ তত্বাৱধানত উৎসৱ নিয়াৰিকৈ পালন কৰিবৰ বাবে ১২ খন উপ সমিতি গঠন কৰা হৈছে। শ্রীশ্রী বটদ্রৱা থান চৌহদত প্রায় ১০ লক্ষাধিক ৰ্তীথ যাত্রীক আদৰণি জনোৱাৰ বাবে পানী, বিজুলী, চিকিৎসা, খাদ্য আদি সকলোবোৰ সুবিধাৰ বাবে উপ সমিতি সমূহে খৰতকীয়া গতিত কাম কৰি আছে।

অহা ৮ ৰ্মাচত গন্ধোৎসৱৰ সন্ধ্যা গোসাঁইক (শ্ৰীকৃষ্ণৰ মূতিভাগ) গায়ন বায়ন আৰু ভক্তসবে গাই বাই থানৰ ৰভাতলত স্থাপন কৰা হৱ। স্নান কাৰ্য সম্পাদনৰ পাছত গন্ধ তেলেৰে নোৱাই গোসাঁইক নতু্ন বস্ত্র পিন্ধোৱা হ'ব আৰু গায়ন বায়নে 'ৰাম ধেমালী' পৰিবেশন কৰিব। ইয়াৰ পাছদিনা অথাৎ ৯ ৰ্মাচ 'গোসাঁই মুৰত ফাকু দিয়া উৎসৱ'ৰ সন্ধ্যা গোসাঁইক নোৱাই ধোৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ'ব আৰু গায়ন বায়নে 'ন-ধেমালী' পৰিবেশন কৰিব আৰু ভক্ত বৈষ্ণৱ সকলে ফাকু ৰ্নিমালী আৰু পদজল গ্রহন কৰিব। সেই উৰে নিশা গোসাঁইক ৰভাতলত ৰাখি ৰাজ্য খনৰ ভিন্ন প্রন্তৰ পৰা অহা ভক্ত বৈষ্ণৱে নাম কীৰ্তন কৰিব।

১০ ৰ্মাচৰ দিনা গোসাঁই ফুৰোৱা উৎসৱ। সেই দিনা ২ বজাত গায়ন বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই সুসজ্জিত দোলা ৰথত উঠাই দণ্ড, চক্র, ভেৰু, কালি, সো-মুখ শংঙ্খৰ ধ্বনি, আই সকলৰ জাউৰিয়ে জাউৰিয়ে বিয়া নামৰ লগত বৈচিত্রময় অসমীয়া জাতীয় জীৱনৰ বৰ্নিল সমাহাৰেৰে ফাকুৰ গুৰি সিচি সিচি চোঁৱৰ ধাৰীয়ে চোঁৱৰ বা দি দি দৌললে যাত্রা কৰিব।

দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক পদক্ষিন কৰোৱাৰ পাছত পাছত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শলগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰত পদক্ষিন কৰোৱাই লগতে সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰৰ ঘৰত প্ৰবেশ কৰোৱাই পূজা অৰ্চনা দি শেষত নিশা ৮ বজাত এটা বিশেষ অনুষ্ঠানৰ দ্বাৰা কীৰ্তন ঘৰত প্ৰবেশ কৰোৱা পাছতে দৌল যাত্রা উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব। আনহাতে দৌল যাত্রা উৎসৱৰ লগত সংগতি ৰাখি ৯,১০ আৰু ১১ ৰ্মাচৰ নিশা আকাশী গংগাৰ পাৰৰ প্রেক্ষাগৃহত সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।

৯ ৰ্মাচৰ সংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিবৰ বাবে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ উপসভানেত্ৰী মৃণালিনী দেৱী, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, বিধায়িকা আঙুৰলতা ডেকা, চাঙ্গেৰী সত্ৰৰ সত্ৰাধিকাৰ মতিলাল পেগু, একশৰণ ভাগৱতী সমাজৰ অধ্যক্ষ প্ৰতাপ চন্দ্ৰ মেধি, তিৱা সাহিত্য সভাৰ সভাপতি লালচিং মাডাৰ, নগাওঁ জিলাৰ উপায়ুক্ত যাদৱ শইকীয়া, নগাওঁৰ আৰক্ষী অধীক্ষক অভিজিৎ গোৰাৱ আৰু নেপালী সাহিত্যৰ সাধক দেৱৰাজ সাপকোটা……প্ৰমুখ্যে জাতীয় জীৱনৰ বিশিষ্ট অতিথি সকল উপস্থিত থাকিব।

১০ ৰ্মাচৰ সত্রীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা আৰু প্ৰাক্তন পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰা, সাংস্কৃতিক সঞ্চালক বিষ্ণু কমল বৰা, কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড° দ্বীজেন্দ্ৰ নাথ ভকত, জিলা উন্নয়ণ আয়ুক্ত ভূপেস দাস , ডিমাচা ভাষা সাহিত্যৰ গৱেষক হাফলং নিবাসী আলো নুনিচা থাওচেন, বড়ো সমাজৰ শংকৰী সংস্কৃতিৰ সাধক ডাকোৱাল ঠাকুৰীয়া, নগাওঁ মাৰোৱাৰী সন্মিলনৰ সভাপতি অনিল শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মিনা, শ্ৰী মন্ত শংকৰদেৱ শৈক্ষিক , আৰ্থ সামাজিক ন্যাসৰ সভাপতি খগেন মহেলা ।

১১ ৰ্মাচৰ সত্রীয়া সংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব নগাওঁ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° খৰ্গেশ্বৰ ভূঞাই। সামৰণি সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট কবি সাহিত্যিক তথা নগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰত বৰকটকী, অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা, ধিং ৰাজহ চক্ৰ বিষয়া অজিত শৰ্মা, নগাওঁৰ উপ আৰক্ষী অধীক্ষক জন দাস, মানস শইকীয়া ……প্ৰমুখ্যে বিশিষ্ট অতিথি সকল উপস্থিৰ থাকিব। তিনিও নিশাতে ৰাজ্য খনৰ ভিন্ন প্রান্তৰ পৰা আমন্ত্রিত ভাওনা, সত্রীয়া নৃত্য, লোক নৃত্য, লোক সংগীত, বৰগীত, শাস্ত্ৰীয় নৃত্য, দিহানাম আদি অনুষ্ঠানেৰে মুখৰিত হোৱাৰ উপৰিও সামৰণি সাংস্কৃতিক অনুষ্ঠানত সংগীত নাটক একাডেমীৰ সৌজন্যত দাক্ষিনাট্যৰ কুটিয়াট্ৰন উৎসৱৰ অনুষ্ঠান পৰিৱেশন কৰা হ'ব বুলি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই জনাইছে।

বুধবাৰে কীৰ্ত্তনঘৰত দুপৰীয়া প্ৰসংগৰ পূৰ্বে পৰিচালনা সমিতিয়ে বটদ্ৰৱাৰ দুই সত্ৰৰ ভকত বৈষ্ণৱৰ উপস্থিতিত দৌল মহোৎসৱৰ কাৰ্য্যসূচী উন্মোচন কৰাৰ পাছত অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যৰ সমূহ ভক্ত বৈষ্ণৱক নিমন্ত্ৰণ জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in