গুৰুজনাৰ জন্মস্থান বটদ্রৱাত সত্রীয়া পৰম্পৰাৰে ৰঙালীবিহু উদযাপন…

গুৰুজনাৰ জন্মস্থান বটদ্রৱাত সত্রীয়া পৰম্পৰাৰে ৰঙালীবিহু উদযাপন…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া জাতীয় জীৱনৰ সঞ্জীৱনী সুধা সদৃশ ব'হাগৰ বতৰত ঢোল পেঁপা, গগনাৰ মাতত সমগ্র ভাৰতবৰ্যৰ বিভিন্ন প্রান্তৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলবাসী ৰঙ আৰু আনন্দত মতলীয়া হোৱাৰ সময়ত জগত গুৰু শ্রীমন্ত শংকৰ দেৱৰ জন্মস্থান বটদ্রৱাতো সত্ৰ কৃষ্টিৰ বনাঢ্য পাৰম্পৰিক স্বকীয়তাৰে ব'হাগবিহু উদযাপন কৰা হয়।

১৬৫৬ খ্রীষ্টাব্দ আই কনকলতাই বটদ্ৰৱা থান পুনৰ উদ্ধাৰৰ সময়ৰ পৰা পৰম্পৰা আনুসৰি আজি বিহুৰ তৃতীয়দিনা বটদ্রৱাৰ শলগুৰি সত্ৰত মানুহ বিহু পালন কৰা হয়। পুৱাই সত্রৰ আইমাতৃ, ডেকা-গাভৰু, জীয়ৰী-বোৱাৰী আৰু কিশোৰ-কিশোৰী সকলোৱে কীৰ্তনঘৰত প্রস্তুত কৰা 'গন্ধ তেল' শিৰত লৈ গাত ঘঁহি কীৰ্তন ঘৰৰ প্রবেশ দ্বাৰৰ পৰা হুঁচৰি-কীৰ্তনেৰে সমগ্র গাঁও প্রদক্ষিন কৰি গৈ দুপৰীয়া ঐতিহাসিক শান্তিজানত স্নান কৰে।

স্নান কৰি ওভতাৰ পথত 'বৈকুণ্ঠৰ পৰা আহে শংকৰগুৰু নামৰে কঠিয়া লৈ' শীৰ্ষক হুঁচৰি-কীৰ্তন গাই দৌল মন্দিৰৰ বাটচ'ৰাত সামৰণি মাৰে আৰু অনাগত বছৰটোৰ সুখ-শান্তি সমৃদ্ধিৰ কামনাৰে দৌলগোসাঁইৰ ওচৰত মূৰ দোৱাই আশিস নিৰ্মালি গ্রহন কৰে।

সত্রৰ প্রতিঘৰ গৃহস্থই পদূলিয়ে পদূলিয়ে গুৱা-পান-দক্ষিনা আগবঢ়াই হুঁচৰি-কীৰ্তন গোৱা আইমাতৃ আৰু ভকত-বৈষ্ণৱৰ পৰা আশীৰ্বাদ গ্রহন কৰে। উল্লেখ্য যে শুক্ৰবাৰে বছৰটোৰ মংগল কামনাৰে বটদ্রৱাৰ কীৰ্তন ঘৰ, দৌল মন্দিৰ, পদশিলাত অগনন ভক্তৰ সমাগম হয়। বিহু উপলক্ষে কীৰ্তনঘৰৰ দুপৰীয়া কীৰ্তনত"ৰঙে ফাকু খেলে চৈতন্য বনমালী" আৰু "জয় জগন্নাথ" শীৰ্ষক কীৰ্তন পৰিবেশন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in