বটদ্ৰৱাৰ ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন…

বটদ্ৰৱাৰ ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন…

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বটদ্ৰৱাৰ পুৰণি বাছ ষ্টেণ্ডৰ সমীপত মঙলবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱকৰ কৰুণ মৃত্যু হয়।সন্ধ্যাৰ পৰা পৰি থকা কিনকিনিয়া বৰষুণৰ মাজতে টেম্প' আৰু স্কুটি মাজত হোৱা সংঘৰ্ষৰ ফলত নিহত হয় ২৪ বছৰীয়া যুৱকজন।

বটদ্ৰৱাৰ পুৰণি বাছ ষ্টেণ্ডৰ সমীপতে AS 02 C C1594 নম্বৰৰ এখন টেম্প'ৰ লগত নম্বৰ প্লেট বিহীন স্কুটীৰ লগত হোৱা সংঘৰ্ষত ফলত আৰোহী আমিৰ হামজা ঠিতাতে নিহত হয়। নগাঁৱৰ চিলঙনী নিৱাসী হৰমুজ আলীৰ পুত্ৰ আমিৰ হামজা দুবছৰ ধৰি তথা বিবাহ পাশত আবদ্ধ হোৱাৰ পাছৰ পৰা বটদ্ৰৱা ছলাপথাৰত পত্নীৰ গৃহত বাস কৰি আছিল।

মঙলবাৰে ব্যবসায়ৰ বাবে নগাঁৱৰ পৰা বটদ্ৰৱাৰ ছলাপথাৰলৈ লৈ আহি থকা অৱস্থাত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। এটি ২০ মহীয়া পুত্ৰ সন্তানৰ পিিতৃ আমিিৰ হামজাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in