ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থানত পাছতি উৎসৱ পালন…

ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থানত পাছতি উৎসৱ পালন…

ডিজিটেল সংবাদ, ঢকুৱাখনা: উত্তৰ অসমৰ  ইতিহাস বিজড়িত বৈষ্ণৱ পীঠ ঢকুৱাখনাৰ  শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ ।  দেশ বিদেশৰ  অগণন ভক্ত বৈষ্ণৱৰ সেৱাৰ থলী স্বৰূপ  এই পৌৰাণিক বৈষ্ণৱ পীঠত বুধবাৰে  পৰম্পৰা ধৰ্মীয়  ৰীতি নীতিৰে অনুষ্ঠিত কৰা হয় পাছতি উৎসৱ ।  শ্ৰী কৃষ্ণৰ  জন্ম উৎসৱৰ সতে  জড়িত এই ভাগি  উৎসৱ  বুধবাৰে সত্ৰ প্ৰাংগণত বিয়লি প্ৰায় ৩ বজাৰ পৰা আৰম্ভ হয়।  অগণন ভক্ত প্ৰাণ মহিলা  সমাজ , সত্ৰ পৰিয়ালৰ  আইমাতৃ  সকলৰ অংশ গ্ৰহনেৰে  অনুষ্ঠিত  এই  উৎসৱৰ  নান্দণিকতাই  দিনে নিশাই মন্ত্ৰমুগ্ধ কৰি ৰাখে  ভকত বৈষ্ণৱ সকলক ।  

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ  অমূল্য সৃষ্টিৰাজিৰ প্ৰণালীবদ্ধ  উপস্থাপনৰ  সমান্তৰাল ভাৱে  হৰি নামৰ অমিয়া সুৰে সত্ৰ প্ৰাঙ্গন মুখৰিত কৰি ৰাখে  । গুৰু বাদ্য ,হৰি কীৰ্ত্তনৰ অমূল্য সুৰৰ ঝংকাৰে মৈত্যৰ বৈকুণ্ঠ পুৰীলৈ পৰিণত কৰি তোলে নিশাৰ পৰ্যন্ত ।  বিগত  শতিকা জুৰি সত্ৰখনত পালিত এই ভাগি উৎসৱ বুধবাৰৰ নিশা পৰ্যন্ত অব্যাহত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in