ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছত আজি অধ্যাপকৰ নীৰিক্ষণত কাৰাগাৰত পৰীক্ষাত বহিছে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই…

ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছত আজি অধ্যাপকৰ নীৰিক্ষণত কাৰাগাৰত পৰীক্ষাত বহিছে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই…

ডিজিটেল ডেস্কঃ আজিও কাৰাগাৰতে পৰীক্ষাত বহিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই। গোলাঘাট সত্ৰ ন্যায়াধীশে সোমবাৰে ডিচিবি তলেজৰ অধ্যক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ পিছত আজি মহাবিদ্যালয়খনৰ এগৰাকী অধ্যাপকৰ নীৰিক্ষণত অনুষ্ঠিত হৈছে বৰ্ষাশ্ৰীৰ দ্বিতীয়খন কাকতৰ পৰীক্ষা।

উল্লেখ্য যে কাৰাগাৰৰ ভিতৰতে পৰীক্ষাত বহা বৰ্ষাশ্ৰীৰ বিশ্ববিদ্যালয়ৰ নিয়মৰ পৰিৱৰ্তে গোলাঘাটৰ উপায়ুক্তই এগৰাকী অতিৰিক্ত উপায়ুক্তৰ নীৰিক্ষণত প্ৰথমখন কাকতৰ পৰীক্ষা দিবলৈ বাধ্য কৰিছিল। এই বিষয়টোত নাৰাজ ন্যায়ালয়।

সেয়েহে সোমবাৰে ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰি বিশ্ববিদ্যালয়ৰ নিয়মৰ অধীনত পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা দিয়াৰ লগতে কিয় ডি চি বি কলেজৰ অধ্যক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। ২৫ জুলাইৰ ভিতৰত অধ্যক্ষই এই জাননীৰ উত্তৰ দিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in