বৰ্ষাপাৰালৈ সোঁত বৈছে ক্ৰিকেট অনুৰাগীৰ

বৰ্ষাপাৰালৈ সোঁত বৈছে ক্ৰিকেট অনুৰাগীৰ
  • ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়া।
  • দিনৰ ১.৩০বজাত খেলপথাৰত নামিব দুই দল।
  • বৰ্ষাপাৰাত খেল উপভোগ কৰিবলৈ দৰ্শকৰ দীঘলীয়া শাৰী।
  • কটকটীয়া নিৰাপত্তা ব্যৱস্থা গুৱাহাটীত।
  • ৫ সহস্ৰাধিক আৰক্ষী নিয়োগ কৰা হৈছে নিৰাপত্তাৰ বাবে।
  • ইতিমধ্যে ষ্টেডিয়ামত আসন গ্ৰহণ কৰিছে দৰ্শকে।
  • বৰ্ষাপাৰা ষ্টেডিয়ামত মুঠ দৰ্শকৰ আসন ৩৭,৫০০।
  • দিনৰ ১ বজাত হ'ব টছ।
  • এই খেলৰ বাবে সলনি কৰা হৈছে পথ নিৰ্দেশনা।
  • ষ্টেডিয়ামৰ চাৰিও দিশে ভৰি পৰিছে ধোনী আৰু কোহলীৰ আলোকচিত্ৰৰে।
  • ভাৰতীয় দলৰ জাৰ্চি পিন্ধি ষ্টেডিয়ামলৈ সোঁত হৈছে ক্ৰিকেট অনুৰাগীৰ।
  • ১১ বজাত খুলি দিয়া হৈছে দৰ্শকৰ বাবে গেট।
  • লো জাতীয় সামগ্ৰী, ধপাত, ভিডিঅ' ৰেকৰ্ডাৰ, সুৰা, কেমেৰা আদিকে ধৰি বহু সামগ্ৰী নিব নোৱাৰিব ষ্টেডিয়ামৰ ভিতৰলৈ।
  • সংগীতৰ কোনো বাদ্য সামগ্ৰীও নিব নোৱাৰিব ষ্টেডিয়ামলৈ।
  • ষ্টেডিয়ামত আহি উপস্থিত হৈছেহি দুয়োটা দলৰ খেলুৱৈসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in