বৰ্ষাপাৰাৰ এদিনীয়াত শিখৰ ধৱনক কোনে মৰমতে মাতিলে ‘শেখৰ দা’ বুলি? VIDEO

বৰ্ষাপাৰাৰ এদিনীয়াত শিখৰ ধৱনক কোনে মৰমতে মাতিলে ‘শেখৰ দা’ বুলি? VIDEO

ডিজিটেল ডেস্কঃ ২১ অক্টোবৰত গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত ৰানৰ বৰষুণ হৈছিল। ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ এই মেচত দুয়োটা দলে সংগ্ৰহ কৰিছিল ৬৪৮ ৰান। কেৰিবিয়ান দলক যোগ্য প্ৰত্যুত্তৰ দি ৩২৩ ৰান লক্ষ্য অতিক্ৰম কৰি বিজয় সাব্যস্ত কৰিছিল ভাৰতীয় দলে। ৱেষ্ট ইণ্ডিজৰ ছেমুৱেলছে দৰ্শকক হতাশ কৰিলেও উদীয়মান বেটছমেন ছিমৰন হেটমেয়াৰে ৭৮টা বলত ৬ টা বাউণ্ডৰী আৰু ৬টা ছিক্সাৰ কোবাই শতক অৰ্জন কৰিছিল।

হাই স্কৰিং এই মেচত ভাৰতীয় দলৰ হৈ বেটিঙত বিক্ৰম দেখুৱালে বিৰাট আৰু ৰোহিতে। এদিনীয়াত ৩৬সংখ্যক শতক অৰ্জন কৰি বিৰাট কোহলি আউট হ'লে ১৫২ ৰানত অপৰাজিত হৈ আছিল ৰোহিত। খেলৰ লগতে দৰ্শকসকলে ভাৰতীয় খেলুৱৈসকলৰ সৈতেও সুখ উপভোগ কৰিলে। ফিল্ডিং কৰি থকা ভাৰতীয় দলৰ তাৰকা বেটছমেন শিখৰ ধৱনক উদ্দেশ্যি গেলাৰিৰ পৰাই মাতিছিল 'শেখৰ দা' বুলি। চাওঁক সেই খেলখনৰ আন ক'তো নেদেখা কিছু দৃশ্যাংশ-

আন এজন খেলুৱৈক উদ্দেশ্যিও দৰ্শকসকলে উৎসাহতে 'জাদেজা দা' বুলি চিঞৰিলে গুৱাহাটী দৰ্শকে। খেলুৱৈসকলৰ এই উৎসাহৰ প্ৰতি সহাৰি জনাইছিল ভাৰতীয় দলৰ খেলুৱৈ শিখৰ ধৱনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in