আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল বৃদ্ধ মাতৃৰ…

আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল বৃদ্ধ মাতৃৰ…

ডিজিটেল সংবাদ বৰপেটাৰোড: বৰপেটাৰোডত মানৱ সভ্যতাক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। নিজ পুত্ৰৰ হাতত মৃত্যু শয্যাগত মাতৃৰ ৷ বৰপেটাৰোডৰ খৈৰাবাৰীৰ মিলন বস্তিৰ জোৎস্না পাল নামৰ পেৰালাইছিছ মহিলাগৰাকীক পুত্ৰ উত্তম পালে মৰিয়াই হত্যাৰ অভিযোগ পৰিয়ালৰ৷ প্ৰায় ৭০ বছৰীয়া শয্যাগত বৃদ্ধাগৰাকীক পুত্ৰ উত্তম পালে মদ্যপান কৰি প্ৰতি নিশা মাৰধৰ কৰাৰ গুৰুতৰ অভিযোগ পৰিয়াল তথা স্থানীয় লোকৰ ৷

পুত্ৰৰ মাৰপিটৰ ফলতেই যোৱানিশা মৃত্যু মুখত পৰে বৃদ্ধাগৰাকীৰ৷ইপিনে মাতৃ হত্যাকাৰী পুত্ৰ উত্তম পালে হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰিছিল।কিন্তু বৰপেটা ৰোড আৰক্ষীয়ে সৰ্থেবাৰীৰ পৰা আটক কৰে উত্তম পালক। বৰ্তমান উত্তম পালক আৰক্ষীয়ে চলাই আছে জেৰা। ঘটনাৰ পিছত ঘটনাস্হলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে মৃতদেহটো বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰিছে৷ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in