শেহতীয়া খবৰ
শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত... • কোৰোনাৰ পাছত বানৰ তাণ্ডৱ অসমত! ৬জনে হেৰুৱাইছে প্ৰাণ... • বৰক্ষেত্ৰীৰ লাৰকুছিত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ... VIDEO • ওদালগুৰিত বিগত ২৪ ঘণ্টাত ১২জনকৈ লোক কোৰোনাত আক্ৰান্ত... • PUBG খেলাৰ বাবেই ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত ২ কিশোৰ... • লকডাউনৰ প্ৰভাৱঃ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ে কি পদক্ষেপ ল’ব পৰামৰ্শৰ বাবে ৰাজ্যপালৰ উচ্চস্তৰীয় কমিটী গঠন... • ৰোহিত শৰ্মাক ‘ৰাজীৱ গান্ধী খেল ৰত্ন-২০২০’ৰ বাবে মনোনীত...

বৰপেটাৰ ভেল্লাত সদৌ অসম প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা…

117

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ ভেল্লাত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সদৌ অসম প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা। ভেল্লা ফুটবল কোচিং চেন্টাৰৰ উদ্যোগত আৰু ইউফাৰ সহযোগত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নৱ প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী হ’বলৈ আহ্বান জনায় বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ শৰ্মাই।

প্ৰথম পুৰস্কাৰ ৫০হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৩০ হাজাৰ টকা ধাৰ্য্য কৰা প্ৰতিযোগিতাখন উদ্বোধন কৰে বৰপেটা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সনাতন দাস আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰদীপ দাসে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা ধনী আলী, সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক।

উদ্বোধনী খেলত ‘বাৰাদী এফ চি’ৰ বিৰুদ্ধে ‘চৰাইমাৰীৰ ২৪আই আৰ বেটেলিয়ান’ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন নিৰ্ধাৰিত সময়ত ১-১ গলত সমাপ্ত হোৱাৰ পাছত টাইব্ৰেকাৰৰ সহায়ত বাৰাদী এফ চিয়ে চৰাইমাৰীৰ ২৪আই আৰ বেটেলিয়ান দলক ৬-৫গলত পৰাস্ত কৰে।

শনিবাৰে গোৱালপাৰা এফ চি আৰু বামুনবড়ী ফুটবল ক্লাবৰ মাজত দ্বিতীয়খন ফুটবল খেল অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে খেল পৰিচালনা সমিতিৰ সভাপতি মৌচম নাজিম আৰু সম্পাদক নেকিবুৰ ৰহমানে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি