বৰপেটা চহৰৰ দক্ষিণহাটীৰ মহিলা সন্ধানহীন..

বৰপেটা চহৰৰ দক্ষিণহাটীৰ মহিলা সন্ধানহীন..

ডিজিটেল সংবাদ, বৰপেটাঃ বৰপেটা চহৰৰ ২নং দক্ষিণহাটীৰ নিবাসী প্ৰয়াত হিমাংশু বায়নৰ পত্নী হিৰণ বায়ন সোমবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছে ৷ পৰিয়ালৰ লোকে জনোৱা মতে,কালি পুৱা প্ৰায় ৫ বজাত মহিলা গৰাকীয়ে ঘৰৰ পৰা ওলাই আহি বৰপেটা সত্ৰত সেৱা জনাই এখন ই ৰিস্ক্সাত উঠি বৰপেটা বজাৰৰ পিনে যায় ৷ বৰপেটা সত্ৰৰ চৌদিশে সংস্থাপিত কৰা চিচি টিভি ফুটেজৰ পৰা পৰিয়ালৰ লোকে এই কথা জানিব পাৰে ৷

আনহাতে কালি মহিলা গৰাকীক বৰপেটাৰোডৰ পিনে গৈ থকা অৱস্থাতো এগৰাকী লোকে প্ৰত্যক্ষ কৰে ৷ পৰিয়ালৰ লোকে বিভিন্ন স্থানত মহিলা গৰাকীক বিচাৰ খোচাৰ কৰে যদিও এই পৰ্যন্ত কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত মহিলা গৰাকীৰ পৰিয়ালে বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ৷

ৰঙা চকলেট ৰঙৰ শাৰী পৰিহিত বগা ক্ষীণকাই আকৃতিৰ মহিলা গৰাকীৰ হাতত এটা কাপোৰ কঢ়িয়াই নিয়া পলিথিনৰ বেগ আছে ৷ এজন পুত্ৰ আৰু এগৰাকী কন্যাক এৰি মহিলা গৰাকীয়ে কি কাৰণত গুচি গল সেয়া সকলোৰে অজ্ঞাত ৷ কোনো ব্যক্তিয়ে মহিলা গৰাকীৰ সন্ধান পালে ৮৪০২০১০২৪৮ নাইবা ৭০০২২৫১৩৬১ নম্বৰ মোবাইলত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in