টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল বৰপেটা…

টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল বৰপেটা…


ডিজিটেল সংবাদ, বৰপেটাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলবাৰে বৰপেটাতো ঠিকাভিত্তিক টেট শিক্ষক সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল কৰি তোলে বৰপেটা৷ টেট উত্তীৰ্ণ শিক্ষকৰ বেতনৰ সুৰক্ষা দিয়া, চাকৰি নিয়মীয়াকৰণ কৰা আদিকে দৰি কেবাটাও দাবীৰ সমৰ্থনত আৰু টেট শিক্ষকক শিক্ষামন্ত্ৰীয়ে ড্ৰাইভাৰৰ সৈতে তুলনা কৰাৰ প্ৰতিবাদত মঙলবাৰে জিলাখনৰ সহস্ৰাধিক টেট শিক্ষকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷

সদৌ অসম ঠিকাভিত্তিক টেট শিক্ষক সমাজৰ নিৰ্দেশ মৰ্মে ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ঠিকা ভিত্তিক নিযুক্ত টেট শিক্ষক সকলে অংশ গ্ৰহণ কৰে ৷ মঙলবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচী বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত ৰূপায়ণ কৰাৰ কথা আছিল যদিও অনুমতি নিদিয়াৰ বাবে বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় চৌহদত প্ৰতিবাদী শিক্ষক সকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বৰপেটা জিলাৰ সভাপতি জগদীশ কলিতাৰ লগতে সুৰজিত পাঠক আৰু সূৰ্য বাচফোৰৰ নেতৃত্বত প্ৰতিবাদী টেট শিক্ষকসকলে শিক্ষা মন্ত্ৰী হায় হায়, শিক্ষামন্ত্ৰীয়ে ব্যৱহাৰ কৰা ড্ৰাইভাৰ শব্দ উঠাই লওক, টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰক, বেতনৰ সুৰক্ষা নিশ্চিত কৰক আদি বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে শিক্ষা বিষয়াৰ কাৰ্যালয় চৌহদ ৷

ঠিকাভিত্তিক টেট শিক্ষক সমাজে গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত আজি ষ্টেট পুলৰ শিক্ষক সকলেও অংশ গ্ৰহণ কৰে ৷ প্ৰতিবাদী শিক্ষক সকলে শিক্ষা মন্ত্ৰীক সকীয়াই দি কয় যে শিক্ষা মন্ত্ৰী গৰাকীয়ে শিক্ষাৰ পৰিবেশ গঢ়াত সহায় কৰাত মনোনিবেশ কৰা উচিত ৷ অন্যথা ইয়াৰ ফল ভূগিব লাগিব বুলিও তেওঁলোকে সকীয়াই দিয়ে ৷

টেট শিক্ষক সমাজে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ বিচাৰে মূখ্যমন্ত্ৰী গৰাকীৰ পৰা টেট শিক্ষক সকলৰ দাবী সমূহ সন্দৰ্ভত উত্তৰ বিচাৰে ৷ অন্যথা ২৯ জুনৰ দিশপুৰ ঘেৰাও কাৰ্যসূচী ভয়ানক হব বুলিও সকীয়াই দিয়ে ৷ প্ৰতিবাদী টেট শিক্ষকসকলে উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ উপায়ুক্তৰ হৈ চক্ৰ বিষয়া পল্লৱী গগৈয়ে স্মাৰক পত্ৰ খন গ্ৰহণ কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব বুলি কয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in