মাতৃক লৈ আধুনিক যুগৰ শ্ৰৱণ কুমাৰ উপস্থিত বৰপেটাত, দৰ্শন কৰিলে বৰপেটা সত্ৰ…

মাতৃক লৈ আধুনিক যুগৰ শ্ৰৱণ কুমাৰ উপস্থিত বৰপেটাত, দৰ্শন কৰিলে বৰপেটা সত্ৰ…


ডিজিটেল সংবাদ, বৰপেটাঃ নিজৰ সুখ-স্বাচ্ছন্দ্যৰ বাবে নিজৰ পিতৃ মাতৃক একাংশই অসহায় অৱস্থাত বৃদ্ধাশ্ৰমত থৈ অহাৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে নিজৰ মাকৰ অদম্য ইচ্ছাক পুৰণ কৰাৰ উদ্দেশ্যে এজন লোকে নিজক সম্পুৰ্ণৰূপে উৎসৰ্গা কৰি মাতৃ ভক্তিৰ আলোক বিলাই ফুৰিছে দেশৰ ইমুৰৰ পৰা সিমূৰলৈ ৷ এই লোকজনেই হৈছে মাইচোৰ চহৰৰ বাসিন্দা কৃষ্ণ কুমাৰ ৷

আধুনিক কালৰ শ্ৰৱণ কুমাৰ হিচাপে ইতিমধ্যে জনপ্ৰিয় হৈ পৰা কৃষ্ণ কুমাৰ নিজৰ মাতৃক লৈ উপস্থিত হৈছে তিনিও ৰাজ্যৰ বন্দনী স্থান বৰপেটা সত্ৰত ৷ মাতৃৰ দেশৰ প্ৰতিটো পবিত্ৰ তীৰ্থ স্থান দৰ্শন কৰাৰ অদম্য ইচ্ছাক পুৰণ কৰাৰ উদ্দেশ্যে নিজৰ পিতৃৰ পুৰণি স্কুটাৰেৰে মাতৃক লগত লৈ কালি বৰপেটা সত্ৰত উপস্থিত হোৱা কৃষ্ণ কুমাৰে আজি কমাৰকুছি সত্ৰ, পাটবাউসী সত্ৰ আদিকে ধৰি বৰপেটাৰ বিভিন্ন সত্ৰ দেৱালয় দৰ্শন কৰে ৷

উল্লেখ্য যে, নিজৰ মাতৃক পবিত্ৰ তীৰ্থস্থান সমুহ পৰিদৰ্শন কৰোৱাৰ উদ্দেশ্যে ২০১৮ বৰ্ষৰ ১৬ জানুৱাৰীত মাইচোৰ চহৰৰ নিজ গৃহৰ পৰা পিতৃৰ স্কুটাৰখনেৰে যাত্ৰা আৰম্ভ কৰিছিল ৷ ইতিমধ্যে কৃষ্ণ কুমাৰে কেৱল স্কুটাৰখনকে বাহন হিচাপে লৈ মাতৃৰ সতে দেশৰ ১৮ খন ৰাজ়্য পৰিভ্ৰমণ কৰিছে ৷ ইয়াৰ উপৰিও কৃষ্ণ কুমাৰে দেশৰ চুবুৰীয়া ৰাজ্য ভূটান আৰু নেপালৰ বহুকেইটা ধৰ্মীয় স্থান মাতৃক দৰ্শন কৰাইছে ৷ যোৱা অম্বুবাচী মেলাত গুৱাহাটীৰ কামাখ্যা মন্দিৰ দৰ্শন কৰা কৃষ্ণ কুমাৰ আৰু তেওঁৰ মাতৃয়ে ৰাজ্যখনৰ বটদ্ৰৱা থানো পৰিদৰ্শন কৰিছে ৷

মাতৃৰ প্ৰতি থকা অপত্য স্নেহ আৰু ভক্তিৰ বাবে নিজক উৎসৰ্গা কৰাৰ বাবেই কৃষ্ণ কুমাৰ ইতিমধ্যে আধুনিক সময়ৰ শ্ৰৱণ কুমাৰ হিচাপে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে ৷ যোৱা প্ৰায় ডেৰ বছৰ ধৰি এখন পুৰণি স্কুটাৰত মাতৃক উঠাই লৈ সমগ্ৰ দেশৰ পবিত্ৰ মঠ-মন্দিৰ সমুহ ঘুৰি ফুৰা কৃষ্ণ কুমাৰে নিজৰ পিতৃ মাতৃক কান্ধত ভাৰ বান্ধি দেশৰ মঠ মন্দিৰ সমুহ ঘুৰি লৈ ফুৰা শ্ৰৱণ কুমাৰৰ কাহিনী মানুহৰ স্মৃতিকোঠাত পুনৰ সজীৱ কৰি তুলিছে ৷

বৰপেটা সত্ৰত শনিবাৰে মাতৃৰ সৈতে উপস্থিত হোৱা আধুনিক কালৰ এই গৰাকী শ্ৰৱণ কুমাৰক বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আপ্যায়ণ কৰা হয় ৷ বৰপেটাৰ মানুহৰ আতিথ্যত মুগ্ধ হৈ পৰা কৃষ্ণ কুমাৰে আজি সংবাদ মাধ্যমৰ আগত কয় যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ দৰ্শনেৰে সমৃদ্ধ এই সত্ৰ দৰ্শন নকৰিলে তেওঁৰ ভ্ৰমণ আধৰুৱা হৈ থাকিলেহেতেন ৷ তেওঁ আৰু তেওঁৰ মাতৃয়ে বৰপেটা সত্ৰৰ চৌদিশ ঘুৰি ফুৰাৰ লগতে সত্ৰৰ কীৰ্তনঘৰৰ বেৰত অংকিত ধৰ্মীয় চিত্ৰসমুহ উপভোগ কৰা বুলি জানিবলৈ দি কয় যে, এই চিত্ৰ সমুহে তেওঁলোকক বাৰুকৈয়ে আপ্লুত কৰিছে ৷

কৃষ্ণ কুমাৰে বৰপেটা মানুহৰ আতিথ্যত মুগ্ধ হৈ পৰা বুলি উল্লেখ কৰি অসমৰ মানুহ সহজ সৰল আৰু মৰমীয়াল বুলি মন্তব্য কৰে ৷ নিজৰ মাতৃক এইদৰে দেশৰ পবিত্ৰ তীৰ্থস্থান সমুহ দৰ্শন কৰাই মাতৃৰ ইচ্ছা পুৰণ কৰি মনত অনাবিল আনন্দ আৰু সুখ অনুভৱ কৰে বুলি মন্তব্য কৰি কৃষ্ণ কুমাৰে কয় যে, নিজৰ পিতৃ মাতৃৰ ইচ্ছা পুৰণ কৰাটো সন্তানৰ পবিত্ৰ কৰ্তব্য ৷ অহা ৫ মাহৰ ভিতৰত এই ভ্ৰমণ সম্পুৰ্ণ হ'ব বুলি কৃষ্ণ কুমাৰে জানিবলৈ দিয়ে ৷ তেওঁ আজি মাতৃক লগত লৈ কমাৰকুছি সত্ৰ, পাটবাউসী সত্ৰ আদিলৈ যায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in