বৰপেটা ৰোডত লোমহৰ্ষক ঘটনা : জীৱন্তে জ্বলাই দিলে যুৱতীক…

বৰপেটা ৰোডত লোমহৰ্ষক ঘটনা : জীৱন্তে জ্বলাই দিলে যুৱতীক…

ডিজিটেল সংবাদ, বৰপেটা ৰোড: বৰপেটা ৰোডৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী নৈৰ দলঙৰ ওপৰত জীৱন্তে জ্বলাই দিলে এগৰাকী যুৱতীক ৷ এখন ডিজায়াৰ বাহনেৰে অহা যুৱকে জ্বলাই দিলে যুৱতীগৰাকীক ৷ স্থানীয় লোকে এই দৃশ্য দেখা পোৱাৰ পিচতেই অগ্নিদগ্ধ যুৱতীগৰাকীক গাড়ীত উঠাই উধাও হয় গাড়ীখন। বগা ৰঙৰ ডিজায়াৰ এখনত আহিছিল যুৱক যুৱতী। বঙাইগাওঁ অভিমুখে পলায়ন কৰিছিল।

কিন্তু অৱশেষত আৰক্ষীয়ে জব্দ কৰে গাড়ীখন। উদ্ধাৰ হৈছে যুৱক যুৱতীৰ পৰিচয়। দুয়োৰে ঘৰ বৰপেটা জিলাৰ সৰভোগত বুলি জানিব পৰা গৈছে। যুৱতী গৰাকী ছোৱাস্মিতা অধিকাৰী আৰু যুৱকজন ৰিকী জাজোদিয়া। বৰ্তমান দুয়ো বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে। অৱশ্যে ঘটনাৰ আঁৰৰ ৰহস্য উদঘাটন হোৱা নাই। এই ঘটনাক লৈ বৰপেটাৰোড অঞ্চলত সৃষ্টি হৈছে তুমুল চাঞ্চল্যৰ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in