শেহতীয়া খবৰ
কোৰোনাত আক্ৰান্ত হৈ কি ক'লে ভাস্কৰজ্যোতি মহন্তই...  •  ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ...  •  ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...

সৰ্থেবাৰীৰ কুকাৰপাৰত আৰম্ভ কোৱাৰেন্টাইন কেন্দ্ৰ, ৫০জনক কোৱাৰেন্টাইন, ৩গৰাকী হ’ম কোৱাৰেন্টাইনত, VIDEO

110

ডিজিটেল সংবাদ, চেঙাঃ বহিঃৰাজ্যৰ পৰা অহা লোকসকলক বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। দেওবাৰে সৰ্থেবাৰী ৰাজহ চক্ৰৰ অধীনত প্ৰথমটো কোৱাৰেন্টাইন চেন্টাৰ মুকলি কৰা হৈছে। সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰত ৫০গৰাকী লোকক কোৱাৰেন্টাইন কৰাৰ বিপৰীতে তিনিগৰাকী মহিলাসহ শিশুক হ’ম কোৱাৰেন্টাইন কৰা হৈছে বুলি জনায় সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মিৰেখা দেৱীয়ে।

এইসকল লোক গোৱাৰ পৰা বিশেষ ৰে’ল যোগে বৰপেটাৰোডলৈ আহে। বৰপেটা ৰোডৰ পৰা তিনিখন বাছেৰে কুকাৰপাৰলৈ অনা হয় লোকসকলক।

হ’ম কোৱাৰেন্টাইন কৰা তিনিগৰাকীৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলা, এগৰাকী যুৱতী আৰু এগৰাকী কন্যাশিশু বুলি জানিব পৰা গৈছে। সৰ্থেবাৰী ৰাজহ চক্ৰৰ অধীনত পাঁচটা কোৱাৰেন্টীন চেন্টাৰ সাজু কৰা হৈছে বুলি চক্ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি