উৎপাদনমুখী কৰ্ম‌ই দেশৰ অৰ্থনীতিক সমৃদ্ধ কৰে…

উৎপাদনমুখী কৰ্ম‌ই দেশৰ অৰ্থনীতিক সমৃদ্ধ কৰে…

ডিজিটেল সংবাদ বৰপেটা: যিকোনো উৎপাদনমুখি কৰ্ম‌ই দেশৰ অৰ্থনীতিক সমৃদ্ধ কৰে বুলি মন্তব্য কৰিছে বৰপেটা জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই।বিগত শণিবাৰে বৰপেটা গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা আয়োজিত হাহঁ-কুকুৰা পালনৰ প্ৰশিক্ষণৰ এক কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি দিয়া ভাষণত তেওঁ কয় যে, হাহঁ-কুকুৰা পালনেও দেশৰ অৰ্থনীতি টনকিয়াল কৰে। সেয়েহে এনে প্ৰতিজন পশু-পক্ষী পালকে নিজৰ পৰিয়ালৰ লগতে দেশৰ অৰ্থনৈতিক প্ৰগতিক তৰান্বিত কৰে।

ইয়াৰ উপৰিও তেওঁ পশুপালন বৃত্তিক এক মহৎ বৃত্তি বুলি তেওঁ অভিহিত কৰে। এই প্ৰশিক্ষণৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অধিক সংখ্যক মহিলা আগবাঢ়ি অহাটো অতি শুভলক্ষণ বুলি উল্লেখ কৰি তেওঁ কয় যে, মহিলা সকলে ইয়াৰ দ্বাৰা পৰিয়ালৰ আয় বৃদ্ধি কৰাৰ উপৰি সমাজত নিজৰ এটা সন্মানজনক পৰিচয় গঢ়িবলৈ সক্ষম হ'ব।

বৰপেটা গ্ৰামীন স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জেষ্ঠ প্ৰশিক্ষক নৱ কুমাৰ দাসে আঁতধৰা অনুষ্ঠানটোত গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰৱন্ধক কৃষ্ণ পাঠক, ৰাইনো ক্লাবৰ সম্পাদক নৃপেন দাস আৰু জিলা গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ৰণজিৎ তালুকদাৰে চমু ভাষণৰ জৰিয়তে প্ৰশিক্ষাৰ্থী সকলক উৎসাহ আৰু পৰামৰ্শ প্ৰদান কৰে।

উল্লেখযোগ্য যে এই প্ৰশিক্ষণত ৫৪ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছে। ইয়াৰে অধিকাংশ‌ই মহিলা। তেওঁলোকক কোভিড বিধি অনুসৰি দুটা গোটত ভাগ কৰি ১০ দিন ধৰি এই প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। প্ৰশিক্ষণৰ অন্তত তেওঁলোকক বেঙ্কৰ পৰা ঋণ প্ৰদানৰ বাবে প্ৰতিষ্ঠানটোৱে সহায় আগবঢ়াব বুলি সঞ্চালক তালুকদাৰে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা অলপতে আচাৰ, পাপৰ আৰু মচলা বনোৱাৰ প্ৰশিক্ষণো প্ৰদান কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in