মন্ত্ৰী পিয়ুষৰ আগমনৰ আগমুহূৰ্ততে বৰপেটা মেডিকেল কলেজত শ্বৰ্টচাৰ্কিট, নিশ্চিত বিপদৰ পৰা কথমপি প্ৰাণ ৰক্ষা অৰ্ধশতাধিক ৰোগীৰ লগতে নৱজাতকৰ

মন্ত্ৰী পিয়ুষৰ আগমনৰ আগমুহূৰ্ততে বৰপেটা মেডিকেল কলেজত শ্বৰ্টচাৰ্কিট, নিশ্চিত বিপদৰ পৰা কথমপি প্ৰাণ ৰক্ষা অৰ্ধশতাধিক ৰোগীৰ লগতে নৱজাতকৰ

ডিজিটেল সংবাদ, চেঙাঃ মন্ত্ৰী পিয়ুয হাজৰিকাৰ আগমনৰ দিনাই বৰপেটা মেডিকেল কলেজত সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ। উল্লেখ্য যে, শুকুৰবাৰে ১১ বজাত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনিৰ বিনামূলীয়া সেৱা ৰাইজৰ সুবিধাৰ্থে মুকলি কৰিবলৈ বৰপেটা মেডিকেল কলেজত উপস্থিত হোৱাৰ কথা। যাৰ বাবে বিষয়া-কৰ্মচাৰীসকল এক কথাত সেইটো বিষয়তে ব্যস্ত হৈ পৰিছিল। মন্ত্ৰী গৰাকীৰ লগতে শাসকীয় দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসক আদৰিবলৈ বৰপেটা মেডিকেল কলেজ কৰ্তৃপক্ষ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তোলাৰ সময়তে ঘটিল অঘটন।

সময় তেতিয়া ৰাতিপুৱা ৫ মান হ'ব। বৰপেটা মেডিকেল কলেজৰ প্ৰসূতি আৰু বহিঃবিভাগৰ অষ্ট্ৰোপচাৰ কৰাৰ পাছত যিটো সাধাৰণ কক্ষত ৰোগীবিলাকক ৰখা হয়, সেই কক্ষটোৰ এখন ফেনত শ্বৰ্টচাৰ্কিটৰ ফলত অনৰ্গল জুই নিগৰিবলৈ ধৰে। ক্ৰমান্বয়ে বৃদ্ধি হৈ থকা জুইৰ লেলিহান শিখাৰ বাবে সৃষ্টি হয় কক্ষটোৰ ভিতৰত এক আতংকময় পৰিৱেশৰ৷ পৰিস্থিতিৰ ভয়াবহতা অনুভৱ কৰি মুহূৰ্ততে ৰোগীসকলৰ মাজত হাহাকাৰ লাগে। প্ৰাণৰ ভয়ত অষ্ট্ৰোপচাৰৰ ১২ ঘন্টাও নোহোৱা ৰোগীয়ে নিজৰ বিচনা এৰি দৌৰিব চেষ্টা কৰে।

জানিব পৰা মতে এই দুৰ্ভাগ্যজনক পৰিস্থিতিত অৰ্ধশতাধিক ৰোগীয়ে প্ৰাণৰ মমতাত চিৎকাৰ কৰি অস্ত্ৰোপচাৰৰ পাছত এনেদৰে দৌৰিব লগা হোৱাত স্বাভাৱিকতে পৰিস্থিতিৰ ভয়াবহতা অনুমান কৰিব পাৰি। লক্ষ্যণীয়ভাবে সেই সময়ত দায়িত্বত থকা বিষয়-ববীয়াসকলেও আতংকিত হৈ পৰিছিল যদিও তাৰ মাজৰ পৰাই কোনোবাই বুদ্ধিমত্তাৰে সেইখিনি অঞ্চলৰ কাটআউট উলিয়াই দি জুই নুমোৱাৰ প্ৰয়াস কৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে৷

অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যথা শীঘ্ৰে বিশেষজ্ঞৰ দ্বাৰা উচিত ব্যৱস্থা গ্ৰহণ কৰা হয়৷ এটা কথা ঠিক যে শুকুৰবাৰে এক নিশ্চিত বিপদৰ পৰা কেইবাটাও নৱজাতকৰ লগতে মাতৃসকল ৰক্ষা পৰে৷ দৌৰাদৌৰিৰ ফলত কেবাজনেও কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in