কোভিড প্ৰট’ক’ল-চৰকাৰী নিৰ্দেশনা অনুসৰি বৰপেটাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ল পৰীক্ষা…

কোভিড প্ৰট’ক’ল-চৰকাৰী নিৰ্দেশনা অনুসৰি বৰপেটাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ল পৰীক্ষা…

ডিজিটেল সংবাদ, চেঙা: কোৰোনাসৃষ্ট প্ৰত্যাহ্বানকো নেওচি বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ চতুৰ্থ ষাণ্মাসিকৰ চূড়ান্ত পৰীক্ষা আৰু স্নাতক মহলাৰ ষষ্ঠ ষাণ্মাসিকৰ কলা আৰু বিজ্ঞান শাখাৰ পৰীক্ষা সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে। স্নাতকোত্তৰ শাখাৰ অসমীয়া, ৰাজনীতি বিজ্ঞান, শিক্ষা আৰু দৰ্শন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল সোমবাৰৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে স্নাতক মহলাৰ বহুকেইটা বিভাগৰ পৰীক্ষাৰ বাবে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ কোভিড প্ৰট'কল সম্পৰ্কীয় নিৰ্দেশনা অনুসৰি পৰীক্ষা গৃহ সাজু কৰা হৈছে।

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য ড৹ তৰুণ চন্দ্ৰ বৰাই জানিবলৈ দিয়ে যে, আঢ়ৈ মিটাৰৰ সামাজিক দূৰত্বৰে প্ৰতিটো কক্ষত মাত্ৰ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ উপৰি পৰীক্ষা গৃহৰ মূল প্ৰৱেশদ্বাৰত ছাত্ৰ-ছাত্ৰীসকলে মুখ-হাত ধুই লোৱাৰ লগতে শাৰীৰিক উত্তাপ পৰীক্ষণ, চেনিটাইজ কৰা আদি সকলো ব্যৱস্থা ৰখা হৈছে। বিজ্ঞানসন্মত ভাবে কোভিড প্ৰট'কল অনুসৰি পৰীক্ষা অনুষ্ঠিত কৰাত ছাত্ৰ-ছাত্ৰীসকলে বিনা শংকাৰে পৰীক্ষাত অৱতীৰ্ণ হৈছে ।

বিশ্ববিদ্যালয়খনৰ প্ৰতিটো কোঠা, ডেক্স-বেঞ্চ দুবাৰকৈ নিখুঁতভাবে চেনিটাইজেচন কৰা হৈছে বুলিও উপাচাৰ্য্যগৰাকীয়ে জানিবলৈ দিয়ে । আনহাতে, বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড৹ উৎসৱ চন্দ্ৰ ডেকাই জনাই যে, একমাহ-ডেৰমাহ পূৰ্বৰ পৰাই পৰীক্ষাৰ প্ৰস্তুতি চলোৱা হৈছিল । চৰকাৰৰ সেউজ সংকেত পোৱাত পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি সোমবাৰৰ পৰা পৰীক্ষা অনুষ্ঠিত হৈছে ।

উল্লেখ্য যে, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হোষ্টেল কেইবাদিনৰ পূৰ্বেই মুকলি কৰি দিয়া হৈছিল। সোমবাৰে সকলো ছাত্ৰ-ছাত্ৰীয়ে নীতি-নিয়ম সম্পূৰ্ণৰূপে মানি বিশ্ববিদ্যালয়ক সহযোগ কৰিছে। পৰীক্ষাৰ পূৰ্বেই অনলাইন যোগে বিশ্ববিদ্যালয় কৰ্ত্তৃপক্ষ আৰু শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে প্ৰস্তুত কৰি তুলিছিল ।

কৃষ্ণগুৰু শিক্ষা পৰিষদৰ সভানেত্ৰী কুন্তলা পাটোৱাৰী গোস্বামীয়ে সমগ্ৰ পৰীক্ষা ব্যৱস্থাটোৰ তদাৰক কৰি আছে । আনহাতে বিশ্ববিদ্যালয়খনত আছুতীয়া কক্ষও সাজু কৰি ৰখা হৈছে। উল্লেখ্য, বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ আন আন ষাণ্মাসিকৰ পৰীক্ষা সমূহো বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশ অনুসৰি আভ্যন্তৰীণ মূল্যায়নৰে পৰীক্ষাৰ ফলাফল সাজু কৰা হৈছে বুলিও জানিব পৰা গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in