বৰপেটাৰ খংৰাত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ফখৰুদ্দিন আলী আহমেদৰ জন্ম দিন উদযাপন

বৰপেটাৰ খংৰাত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ফখৰুদ্দিন আলী আহমেদৰ জন্ম দিন উদযাপন

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ খংৰাস্থিত আল হিলাল মাৰ্কাছ একাডেমিত সোমবাৰে বৰআগদিয়া মিলন ক্লাবৰ উদ্যোগত আৰু মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনৰ নেতৃত্বত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ফখৰুদ্দিন আলী আহমেদৰ ১১৪ সংখ্যক জন্ম দিন উদযাপন কৰা হয়। প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ জন্ম দিনৰ লগত সংগতি ৰাখি প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ কৰ্মজীৱন আৰু দৰ্শনৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ মাজত বক্তৃতা প্ৰতিযোগিতা আৰু আলোচন চক্ৰ অনুষ্ঠিত হয়।

আলহিলাল মাৰ্কাজ একাডেমিৰ অধ্যক্ষ চামচুল হকৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰ আৰু বক্তৃতা প্ৰতিযোগিতাৰ আঁত ধৰে একাডেমিখনৰ সহঃ শিক্ষক মছলেম হুছেইন খানে। মুখ্য আলোচক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ফখৰুদ্দিন আলী আহমেদৰ কৰ্মজীৱন আৰু দৰ্শনৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায় মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনে। জালাল উদ্দিনে আলোচনা প্ৰসংগত কয় যে, ফখৰুদ্দিন আলী আহমেদ এগৰাকী সুদক্ষ ৰাষ্ট্ৰপতি আছিল। ইয়াৰোপৰি তেখেত এগৰাকী প্ৰখ্যাত ৰাজনীতিবিদ, সমাজবিদ হোৱাৰ পিছতো কোনো সাহিত্যিকে তেখেতৰ জীৱনীগ্ৰন্থ লিখি উলিয়াব নোৱাৰিলে বুলি উল্লেখ কৰি ছাত্ৰ নেতা জালাল উদ্দিনে দুখ প্ৰকাশ কৰাৰ লগতে প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ জীৱনী লিখিবলৈ সাহিত্যিকসকলক আহ্বান জনায়।

ফখৰুদ্দিন আলী আহমেদৰ আদৰ্শৰে নৱ প্ৰজন্মই যাতে সমাজ গঢ়াৰ ক্ষেত্ৰত অৱদান আগবঢ়াব পাৰে সেইবাবেই প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ জীৱনী সমাজ জীৱনৰ বাবে অতি জৰুৰী। এইগৰাকী মহান ব্যক্তিয়ে ভাৰত স্বাধীন হোৱাৰ পিছত মুছলমান সম্প্ৰদায়ৰ ৰাষ্ট্ৰপ্ৰীতি বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল বুলিও উল্লেখ কৰে জালাল উদ্দিনে।

বক্তৃতা প্ৰতিযোগিতা তিনিটা শাখাত অনুষ্ঠিত হয়।"ক" শাখাত প্ৰথম স্থান ছফিকা আহমেদ আৰু দ্বিতীয় স্থান হাৰুনাল ৰচিদ, "খ" শাখাত প্ৰথম স্থান মকিবুল আলী আৰু "গ" শাখাত প্ৰথম স্থান বেঞ্জামিন আৰু দ্বিতীয় স্থান জেচমিন চুলতানাই লাভ কৰে।

আলোচনা চক্ৰত কেইবাগৰাকী বিশিষ্ট লোকে আলোচনা আগবঢ়ায়। আলোচনা চক্ৰ অনুষ্ঠানটোত ছাত্ৰনেতা জাহিদুল ইছলাম, বৰআগদিয়া মিলন ক্লাবৰ সভাপতি-সম্পাদক ক্ৰমে হাফিজুৰ ৰহমান আৰু হাবিজুল আলী, একাডেমিখন শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in