বৰপেটাৰ হাউলীৰ পূজা মণ্ডপত প্ৰতিমাৰ ক্ষতিসাধন অচিনাক্ত দুৰ্বৃত্তৰ

বৰপেটাৰ হাউলীৰ পূজা মণ্ডপত প্ৰতিমাৰ ক্ষতিসাধন অচিনাক্ত দুৰ্বৃত্তৰ

ডিজিটেল সংবাদ, হাউলীঃ পূজাৰ আনন্দ-উছাহৰ মাজতে বৰপেটাৰ হাউলীত সংঘটিত হয় অঘটন। সপ্তমীৰ পূজা সম্পন্ন হোৱাৰ পিছত যোৱা নিশা কোনো অজ্ঞাত দুৰ্বৃত্তই এখন পূজা মণ্ডপৰ দুৰ্গাৰ প্ৰতিমাৰ ক্ষতিসাধন কৰা ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

দুৰ্বৃত্তৰ আক্ৰমণত প্ৰতিমাৰ মুখমণ্ডলৰ অংশৰ ক্ষতিসাধন হয়। আজি পুৱাৰ ভাগত নিয়ম অনুযায়ী পূজা সম্পন্ন কৰিবলৈ লওতেই প্ৰতিমাৰ ভগ্ন অংশ প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে পূজাৰী তথা পূজা সমিতিৰ লোকসকল।

ঘটনাটোৱে ভক্তসকলকো ক্ষুব্ধ কৰি তুলিছে কোনো কি কাৰণত এই কাণ্ড সংঘটিত কৰিলে সেয়া জানিব পৰা হোৱা নাই। ত্ৰিকন্যা বিবাহ ভৱনৰ সমীপৰ আনন্দবজাৰ পূজাস্থলীত সংঘটিত হোৱা এই ঘটনাত ক্ষুব্ধ হৈ পৰে স্থানীয় লোকসকল।

ইফালে, ঘটনাক লৈ ক্ষুব্ধ হৈ ৰাইজে বৰপেটা-হাউলী পথ অৱৰোধ কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে। পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে তাৰ বাবে ঘটনাস্থলীত আৰক্ষী-প্ৰশাসনে নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে আন প্ৰয়োজনীয় ব্যৱস্থা হাতত লৈছে।

মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী, বৰপেটাৰ আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ সকলোকে শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in