বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন…

বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন…

ডিজিটেল সংবাদ বৰপেটা: বৰপেটা চহৰৰ পৰা এজন চৰকাৰী কৰ্মচাৰী সন্ধানহীন হোৱা ঘটনাই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন ব্যক্তিগৰাকী বৰপেটা চহৰৰ গণককুছি নিবাসী তথা বৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী দীপক মজুমদাৰ বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে ২১ নং ৱাৰ্ডৰ বাসিন্দা দীপক মজুমদাৰে শনিবাৰে পুৱা ঘৰৰ পৰা ওলাই আহে আৰু তাৰ পিচৰ পৰাই সন্ধানহীন হৈ পৰে ব্যক্তিগৰাকী৷পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও ব্যক্তি গৰাকীৰ কোনো শুংসুত্ৰ এই পৰ্যন্ত উলিয়াবলৈ সক্ষম হোৱা নাই৷ ইপিনে, ব্যক্তি গৰাকীৰ পত্নী ছায়া মজুমদাৰে ঘটনা সন্দৰ্ভত বৰপেটা সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ জানিব পৰা মতে লোকজন মানসিক ভাবে অসুস্থ হৈ আছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in