বৰপেটাৰ গণককুছি সত্ৰত দুৰ্বৃত্তৰ প্ৰবেশ,লণ্ড ভণ্ড প্ৰবেশদ্বাৰ গুৰু আসনত অগ্নি সংযোগ…

বৰপেটাৰ গণককুছি সত্ৰত দুৰ্বৃত্তৰ প্ৰবেশ,লণ্ড ভণ্ড প্ৰবেশদ্বাৰ গুৰু আসনত অগ্নি সংযোগ…

ডিজিটেল সংবাদ, বৰপেটা : সত্ৰ নগৰী বৰপেটাত আজি দিনৰ ভাগতে সংঘটিত হয় এক বৃহৎ অঘটন ৷ সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান স্বৰূপ বৰপেটাৰ ঐতিহ্যমণ্ডিত গণককুছি সত্ৰৰ চৌহদত আজি দিন দুপৰতে এজন দুৰ্বৃত্তই প্ৰবেশ কৰি শ্ৰীৰাম আতাৰ ভিঠিত থকা মঠৰ ভিতৰত গুৰু আসন লণ্ড ভণ্ড কৰাৰ লগতে জ্বলাই দিয়া কাৰ্যই স্বাভাবিকতে সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে , এই দুৰ্বৃত্তজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন দুৰ্বৃত্তজন বৰপেটা সদৰ থানাৰ অন্তৰ্গত শান্তিপুৰৰ ৰফিকুল আলী বুলি জানিব পৰা গৈছে ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে , বৃহস্পতি বাৰে দিনৰ প্ৰায় ২ বজাত সত্ৰৰ আশে পাশে অথবা সত্ৰৰ চৌহদত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ৰফিকুল আলী নামৰ লোকজনে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত গণককুছি সত্ৰৰ চৌহদত প্ৰবেশ কৰে৷ দুৰ্বৃত্ত জনে মূল কীৰ্ত্তন ঘৰৰ উত্তৰ ফালে থকা শ্ৰীৰাম আতাৰ ভিঠিলৈ যায় আৰু তাত থকা মঠৰ ভিতৰত প্ৰবেশ কৰি গুৰু আসন লণ্ড ভণ্ড কৰি বাহিৰলৈ লৈ আহে আৰ জুই জ্বলাই দিয়ে ৷ মঠৰ ভিতৰত থকা মাহ প্ৰসাদো দুৰ্বৃত্ত জনে বাহিৰলৈ দলিয়াই দিয়ে ৷ গুৰু আসন জ্বলি থকাৰ সময়তে একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু লগে লগে উক্ত স্থানলৈ গৈ দুৰ্বৃত্তজনক হাতে লোটে আটক কৰিবলৈ সক্ষম হয় ৷ ইপিনে এই খবৰ বিয়পি পৰাৰ লগে লগে সত্ৰৰ চৌহদত বহু সংখ্যক লোকৰ সমাগম হয় ৷

উক্ত ঘটনাক কেন্দ্ৰ কৰি একাংশ লোক উত্তেজিত হৈ পৰে আৰু দুৰ্বৃত্তজনক লপ থপা দিয়ে ৷ পিচত স্থানীয়লোকে আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুৰ্বৃত্তজনক আটক কৰে ৷ ঘটনা স্থলীত বৰপেটা সদৰ উপ আৰক্ষী অধীক্ষক আৰু বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিৎ দাস উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ ইতিমধ্যে , ঘটনা সন্দৰ্ভত গণককুছি সত্ৰ পৰিচালনা সমিতিয়ে বৰপেটা সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ ইপিনে , মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ দেৱৰ অন্যতম নিবাস স্থান ঐতিহ্যমণ্ডিত সত্ৰখনত সংঘটিত হোৱা এই দুৰ্ভাগ্যজনক ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

এই ঘটনাত গণককুছি সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰফুল্ল তালুকদাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে ৷ সম্পাদক গৰাকীয়ে কয় যে , মহাপুৰুষ মাধৱদেৱৰ পদৰেণুৰে ৰঞ্জিত এই সত্ৰখনত এইধৰণৰ ঘটনা সংঘটিত হোৱাতো অতি দুৰ্ভাগ্যজনক ৷ এই ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷ মন কৰিবলগীয়া যে , এই একেইজন ৰফিকুল আলীয়ে ২০১৯ বৰ্ষৰ ৯ অক্টোৱৰত বৰপেটা চহৰৰ সমীপৱৰ্ত্তী কেওঁটকুছি গাঁৱত অৱস্থিত শ্ৰীশ্ৰী মহালক্ষ্মী মন্দিৰত প্ৰবেশ কৰি পূজাৰ সামগ্ৰী আৰু প্ৰতিমা লণ্ড ভণ্ড কৰিছিল ৷

এই একেইজন ৰফিকুল আলীয়ে আজি গণককুছি সত্ৰত পুনৰ তাণ্ডৱ চলোৱা ঘটনাক বিভিন্ন মহলে সহজভাবে লব পৰা নাই ৷ আজিৰ এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলা সমিতিৰ সম্পাদক ৰূপজিৎ দাসে কয় যে , আজিৰ ঘটনাই প্ৰতিপন্ন কৰিছে যে , অসমীয়া জাতীয় জীৱনৰ প্ৰধান অংগ সত্ৰ সমুহ সুৰক্ষিত নহয় ৷ এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনায় ৰূপজিৎ দাসে ৷ আজিৰ এই ঘটনাক বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণ কান্ত দাস , বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা , খিলঞ্জীয়া সুৰক্ষা বাহিনী , অসম , বৰপেটা জিলা গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদ , অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আদিকে ধৰি বিভিন্ন সংগঠনে গৰিহণা দিয়াৰ লগতে তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in