বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকৰ…

বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকৰ…

ডিজিটেল সংবাদ, চেঙাঃ সম্প্ৰতি বৰপেটা জিলাত অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি। জিলাখনৰ বেকী, কালদিয়া, পহুমাৰা, টিহু, শুক মানাহ, মানাহ, বুঢ়াদিয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ পানী দ্ৰুত গতিত বাঢ়ি থকাত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে।

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী, বাঘবৰ, চেঙা, জনীয়া, সৰভোগ, পাটাচাৰকুছি আদি বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ৰাজহ গাঁও বানপানীৰ কবলত পৰাত এতিয়া বন্যাক্ৰান্তৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে । বাসগৃহ, বাট-পথ, কৃষিপথাৰ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাত নাজল-নাথল অৱস্থা হৈছে সৰ্বসাধাৰণ ৰাইজৰ।

চৰকাৰে একাংশ স্থানত পশুৰ খাদ্য যোগান ধৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় । গৰু-ম'হ, ছাগলী আদিৰ খাদ্যৰ অভাৱে আন এক সমস্যাৰ সৃষ্টি কৰিছে বন্যাক্ৰান্তক। শুকুৰবাৰে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে বান পৰিস্থিতিৰ বুজ ল'বলৈ সৰুপেটা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত উপস্থিত হয়।

সৰুপেটা আৰক্ষী থানাৰ অন্তৰ্গত চাউলাবড়ী, বন্তি, দলুপথাৰ, বৰবিভা, হাঠিনাপুৰ, কৰ্দৈগুৰি আদি বিভিন্ন বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। বান বিধ্বস্ত অঞ্চল পৰিদৰ্শনকালত স্থানীয় লোকৰ স'তে মত-বিনিময় কৰি আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে যিকোনো সমস্যা সমাধানৰ বাবে আৰক্ষীয়ে দিনে-নিশাই কাম কৰি আছে বুলি ৰাইজক আশ্বস্ত কৰে।

কিবা সমস্যা হ'লে ততালিকে আৰক্ষীৰ স'তে যোগাযোগ কৰিবলৈও ৰাইজলৈ আহ্বান জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে। বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কালত আৰক্ষী অধীক্ষকগাৰকীক সংগ দিয়ে বজালী মহকুমা আৰক্ষী বিষয়া আৰু সৰুপেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই । জিলাখনৰ কেইবাখনো নদীৰ মথাউৰি নিৰ্মাণ নকৰাৰ ফলত বান পৰিস্থিতি অধিক অৱনতি ঘটা বুলি অভিযোগ উত্থাপন হৈছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in