বৰপেটা জিলাত ২,২১৫ জন লোক হ’ম কোৱাৰেন্টাইনতঃ নিৰীক্ষণৰ বাবে দণ্ডাধীশৰ ক্ষমতাৰে ৩১ ছেক্টৰ বিষয়া নিয়োজিত

বৰপেটা জিলাত ২,২১৫ জন লোক হ’ম কোৱাৰেন্টাইনতঃ নিৰীক্ষণৰ বাবে দণ্ডাধীশৰ ক্ষমতাৰে ৩১ ছেক্টৰ বিষয়া নিয়োজিত

ডিজিটেল সংবাদ, বৰপেটাঃ বৰপেটা জিলাত কোৰোনা ভাইৰাছক লৈ উদ্ভৱ হোৱা পৰিস্থিতি মোকাবিলা কৰাৰ বাবে জিলা প্ৰশাসনে বিভিন্ন বিভাগৰ ৩১ জন বিষয়াক দণ্ডাধীশৰ ক্ষমতা প্ৰদান কৰি ছেক্টৰ বিষয়া হিচাবে নিয়োজিত কৰিছে। সেই উদ্দ্যেশ্যে সমগ্ৰ জিলাখনক ১৫ টা মণ্ডল আৰু ৩৩ টা ছেক্টৰত ভাগ কৰি লোৱা হৈছে। ইয়াৰে নগৰ অঞ্চলক ১০ টা ছেক্টৰ আৰু গাওঁ অঞ্চলক ২৩ টা ছেক্টৰত ভাগ কৰিছে। চক্ৰ বিষয়া আৰু পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া সকলক মণ্ডল বিষয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা জানিবলৈ দি কয় যে, এই সকলে নিজ নিজ অঞ্চলত লকডাউন আদেশ সম্পূৰ্ণৰূপে ৰূপায়নৰ উপৰি বাহিৰৰ পৰা অহা লোকসকলৰ কোৱাৰেন্টাইন নিশ্চিত কৰাৰো দায়িত্ব অৰ্পন কৰা হৈছে।

তদুপৰি অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ সুচল যোগানৰ ওপৰতো তেওঁলোকে চকু ৰাখিব লাগিব। বৃহস্পতিবাৰে সন্ধিয়া বৰপেটা জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সভাকক্ষত এই ছেক্টৰ আৰু জোনেল বিষয়াসকলক লৈ অনুষ্ঠিত এখন সভাত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই সকলোকে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে অবগত কৰা হয়। ইয়াৰ উপৰি গাওঁ পঞ্চায়তৰ ৱাৰ্ড অনুযায়ী একোটিকৈ এলেকা ভিত্তিক কৰ্মী বাহিনী গঠন কৰা হৈছে। গাঁওবুঢ়া, আশাকৰ্মী, অঙ্গনবাড়ী কৰ্মী, গাওঁ পঞ্চায়তৰ সদস্য, গাওঁ সুৰক্ষা বাহিনী আৰু স্থানীয় শিক্ষকক লৈ এই সমিতিখন গঠন কৰা হৈছে।

এওঁলোকে বাহিৰৰ পৰা আহি ১৪ দিনৰ বাবে আছুতীয়াকৈ থাকিবলগীয়া লোকসকলৰ ওপৰত স্থানীয়ভাৱে নজৰ ৰাখিব লাগিব। ইফালে জিলা জনসংযোগ বিষয়াজনে জনোৱা মতে এই পৰ্যন্ত জিলাখনলৈ বহিঃৰাজ্যৰ পৰা ২১৫৪ জন আৰু বিদেশৰ পৰা ৬১ জন লোক মুঠ ২২১৫ জন যোৱা ১৫ মাৰ্চৰ পৰা আজিলৈকে জিলাখনলৈ আহিছে। তেওঁলোকৰ ১৯২২ জনৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে। বাকী সকলৰো কৰি থকা হৈছে। এই লোক সকলক নিজৰ ঘৰতে আছুতীয়াকৈ থাকিবলৈ লিখিতভাৱে নিৰ্দেশ দিয়াৰ লগতে হাতত ষ্টাম্প মাৰি দিয়া হৈছে। চিকিৎসকৰ দলে নিয়মীয়াকৈ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি আছে। এতিয়ালৈকে জিলাখনৰ কোনো লোক কেভিড ১৯ ত আক্ৰান্ত হোৱাৰ কোনো তথ্য পোহৰলৈ অহা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in