বৰপেটাত তিনিদিন ধৰি নিৰুদ্দেশ যুৱকৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বৰপেটা: বৰপেটা চহৰৰ সমীপৱৰ্ত্তী পাটবাউসীত টিংকুমনি দাস নামৰ এজন যুৱ লেখকৰ ৰহস্যজনক মৃত্যুৰ চাঞ্চল্য মাৰ নৌযাওতেই শনবিৰা বৰপেটা চহৰত পুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে আন এজন যুৱকৰ মৃতদেহ ৷ চহৰখনৰ বাঁহৰবাৰী নামৰ এখন বাৰীত শনিবাৰে গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা যুৱকগৰাকী বৰপেটা চহৰৰ ন'হাটী নিবাসী বনমালী পাঠকৰ সন্তান বুদ্ধদেৱ পাঠক বুলি জানিব পৰা গৈছে ৷

স্বাভাৱিকতে এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে, বুদ্ধদেৱ পাঠক নামৰ যুৱকগৰাকী যোৱা ১৬ ছেপ্টেম্বৰৰ ৰাতি প্ৰায় ৯ বজাৰ পৰা নিখোজ হৈ আছিল ৷ জানিব পৰা মতে , ন'হাটীৰ সমীপতে থকা বাঁহৰবাৰী নামৰ বাৰীখনৰ আশে পাশে থকা স্থানীয় লোক সকলে দুৰ্গন্ধ পায় ৷ দুৰ্গন্ধ ক্ৰমাৎ বেছি হৈ অহাত স্থানীয় একাংশলোকে গোন্ধৰ উৎস বিচাৰি বাৰীখনত বিচাৰ খোচাৰ কৰি এডাল গছত ওলমি থকা অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে ৷ ইয়াৰ পিচতে আৰক্ষীক খবৰ দিয়ে ৷

ঘটনাস্থলীত আৰক্ষীৰ লোক গৈ যুৱকগৰাকীৰ মৃতদেহটো লৈ আনে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে এয়া আত্মহত্যাৰ ঘটনা হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

মনকৰিবলগীয়া যে , পেচাত যুৱকজন এজন হোটেল কাৰিকৰ আছিল ৷ লকডাউনৰ সময়ত কাম হেৰুৱাই সম্পুৰ্ণৰূপে কৰ্মহীন হৈ পৰা যুৱকজনে হতাশাত ভূগিয়েই আত্মহত্যা কৰিব পাৰে বুলি একাংশ লোকে অনুমান ব্যক্ত কৰিছে ৷ আনহাতে , আন একাংশ লোকে যুৱকজনক কোনোবাই হত্যা কৰি ওলোমাই থৈ দিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে ৷ স্থানীয়লোকে ঘটনাৰ উচিত তদন্ত কৰিবলৈ দাবী জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in