গ্ৰেপ্তাৰ হ’ব নেকি শিলাদিত্য দেৱ! VIDEO

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, চেঙাঃ সদায়েই বিতৰ্কত থাকি ভালপোৱা বিজেপিৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে এইবাৰ আইনৰ কাষ চাপিল ৰাজ্যৰ খিলঞ্জীয়া গৰিয়া-মৰিয়াসকল৷ আজান ফকীৰ সম্পৰ্কে তুলুঙা মন্তব্য কৰি গৰিয়া- মৰিয়া দেশী লোকসকলক কৰা অপমানৰ বিৰুদ্ধে বৃহস্পতিবাৰে বৰপেটা সদৰ থানাত গোচৰ ৰুজু কৰে গৰিয়া- মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে৷

এটা ব্যক্তিগত টিভি চেনেলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে আনকি আজান ফকীৰক আজমলৰ সৈতে তুলনা কৰাৰ লগতে আজান ফকীৰৰ সৃষ্টি জিকিৰ আৰু জাৰি সমূহৰ বিষয়েও অতি তাচ্ছিল্যপূৰ্ণ মন্তব্য কৰিছিল৷

বিজেপি বিধায়কগৰাকীৰ এই বিতৰ্কিত মন্তব্যৰ পিছতেই বৃহস্পতিবাৰে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি আতিকুল হক আৰু সম্পাদক চলমান হুছেইনে শিলাদিত্য দেৱৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত গোচৰ ৰুজু কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in