বৰপেটাৰ যুৱকৰ সাফল্য, ভাৰতীয় সেনা বাহিনীৰ লেফটেনেণ্ট পদত নিযুক্ত গান্ধী নগৰৰ ২০ বছৰীয়া দেবাংগ ভূষণ দাস

বৰপেটাৰ যুৱকৰ সাফল্য, ভাৰতীয় সেনা বাহিনীৰ লেফটেনেণ্ট পদত নিযুক্ত গান্ধী নগৰৰ ২০ বছৰীয়া দেবাংগ ভূষণ দাস

ডিজিটেল সংবাদ, বৰপেটাঃ বিশ্বৰ অন্যতম সামৰিক শক্তিধৰ ৰাষ্ট্ৰ ভাৰতৰ সেনা বাহিনীৰ লেফটেণেণ্ট পদত নিয়োজিত হৈছে বৰপেটাৰ ২০ বছৰীয়া যুৱক৷ কমিছনাৰ ৰেংকৰ সমপৰ্যায়ৰ ৰেংক লেফটেণেণ্ট পদত অধিষ্ঠিত হৈ বৰপেটালৈ গৌৰৱ কঢ়িয়াই অনা এই যুৱক গৰাকী হৈছে বৰপেটা চহৰৰ গান্ধী নগৰৰ দেৱাংগ ভূষণ দাস৷ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক দিলীপ দাস আৰু অৰ্থনীতি বিভাগৰ অধ্যাপিকা কৃষ্ণা দাসৰ দ্বিতীয় পুত্ৰ দেৱাংগ ভূষণ দাসৰ এই সাফল্যৰ খবৰে সমগ্ৰ বৰপেটাতে আনন্দৰ সৃষ্টি কৰিছে৷

দেশৰ সেৱা আগবঢ়োৱাৰ মানসিকতা, একাগ্ৰতা আৰু পিতৃ মাতৃৰ পৰা লাভ কৰা প্ৰেৰণাৰ বাবেই আজি দেৱাংগ ভূষণ দাসে অতি কম বয়সতে ভাৰতীয় সেনাৰ উচ্চ পদস্থ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ত ষষ্ঠ শ্ৰেণীলৈকে পঢ়া দেৱাংগ ভূষণ দাসে পৰৱৰ্ত্তী সময়ত ডেৰাডুণত থকা ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজত অষ্টম শ্ৰেণীত নাম ভৰ্ত্তি কৰে৷ উল্লেখ্য যে, সেই সময়ত অসমৰ পৰা কেৱল দেৱাংগ ভূষণ দাসেই উক্ত প্ৰতিষ্ঠানত নাম ভৰ্ত্তি কৰাৰ যোগ্যতা অৰ্জন কৰে৷

উক্ত প্ৰতিষ্ঠানৰ পৰাই কলেজীয়া শিক্ষা সমাপ্ত কৰাৰ পিচতে নেচনেল ডিফেন্স একাডেমীত তিনি বছৰীয়া পাঠ্যক্ৰমত নাম ভৰ্ত্তি কৰে আৰু তাত প্ৰশিক্ষণ সমাপ্ত কৰে৷ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় মিলিটাৰী একাডেমীত এবছৰীয়া প্ৰশিক্ষণ সমাপ্ত কৰাৰ পিচত লেফটেণেণ্ট পদত নিয়োজিত হয় দেৱাংগ ভূষণ দাস৷ যোৱা ৮ জুনত দেৱাংগ ভূষণ দাসক উক্ত পদত নিযুক্তি দিয়া হয়৷ এতিয়াৰে পৰা ৰাজপুতানা ৰাইফলচৰ লেফটেণেণ্ট হিচাপে দায়িত্ব চম্ভালিব দেৱাংগ ভূষণ দাসে৷ উল্লেখ্য যে, দেৱাংগ ভূষণ দাসৰ জ্যেষ্ঠ ভাতৃ সিদ্ধাৰ্থ দাসো ভাৰতীয় সেনাৰ এগৰাকী উচ্চ পদস্থ বিষয়া৷

তেওঁ ভাৰতীয় সেনাৰ কেপ্তেইন পদত অধিষ্ঠিত হৈ সেৱা আগবঢ়াই আছে৷ ইপিনে দুজনকৈ পুত্ৰক সেনা বাহিনীত কাম কৰাৰ বাবে প্ৰেৰণা যোগাই সাম্প্ৰতিক সময়ৰ ব্যতিক্ৰমী অভিভাৱক হিচাপে চিহ্নিত হৈছে অধিবক্তা দিলীপ দাস আৰু কৃষ্ণা দাস৷ মেধা সম্পন্ন প্ৰায়বোৰ কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক অভিভাৱিকাই নিজৰ সন্তানক চিকিৎসক, অভিযন্তা, প্ৰশাসনিক বিষয়া আদি হোৱাৰ বাবে প্ৰেৰণা দিয়াৰ লগতে আশা পুহি ৰাখে৷ কিন্তু ইয়াৰ বিপৰীতে অধ্যাপক দিলীপ দাস আৰু কৃষ্ণা দাসে নিজৰ দুই পুত্ৰক আগুৱাই দিছে সেনা বাহিনীত কাম কৰাৰ বাবে৷

পুত্ৰৰ সাফল্যত পিতৃ মাতৃয়ে কয় যে, সেনাবাহিনীৰ উচ্চ পদস্থ বিষয়া পদত মকৰল হোৱাৰ বাবে বিভিন্ন পাঠ্যক্ৰম আছে৷ এই পাঠ্যক্ৰমৰ জৰিয়তে নিজৰ এক মৰ্যদা সম্পন্ন কেৰিয়াৰ গঢ়িব পাৰি বুলি উল্লেখ কৰি তেওঁলোকে কয় যে, দেশ মাতৃৰ সেৱা কৰিবলৈ সেনাবাহিনীত মকৰল হোৱাটো অন্যতম উত্তম উপায়৷ নিজৰ দুয়োগৰাকী পুত্ৰই নিষ্ঠা সহকাৰে দেশৰ সেৱা কৰি পিতৃ মাতৃৰ লগতে সকলো শুভাকাংক্ষীকে গৌৰমাম্বিত কৰিব বুলি আশা প্ৰকাশ কৰে দিলীপ দাস আৰু কৃষ্ণা দাসে৷ দেৱাংগ ভূষণ দাসৰ সাফল্যৰ বাবে বৰপেটাৰ বিভিন্ন মহলে অভিনন্দন জনাইছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in