বৰপেটাত কৰ্তব্যৰ পৰা উভতি অহা শিক্ষয়ত্ৰীৰ পৰা ডকাইতে লুটি নিলে টকা আৰু মোবাইলঃ সহায়ৰ বাবে আগবাঢ়ি নাহিল স্থানীয় লোক…

বৰপেটাত  কৰ্তব্যৰ পৰা উভতি অহা শিক্ষয়ত্ৰীৰ পৰা ডকাইতে লুটি নিলে টকা আৰু মোবাইলঃ সহায়ৰ বাবে আগবাঢ়ি নাহিল স্থানীয় লোক…

ডিজিটেল সংবাদ বৰপেটা: বৰপেটা জিলাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ ড্ৰাগছ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি বিভিন্ন অপৰাধজনিত ঘটনাই জিলাখনৰ সৰ্বসাধাৰণ লোকক উদ্বিগ্ন কৰি ৰখাৰ সময়তে মঙ্গলবাৰে দিন দুপৰতে সংঘটিত হয় এক ডকাইতিৰ ঘটনা৷এগৰাকী শিক্ষয়ত্ৰী নিজৰ কৰ্তব্য সম্পাদন কৰি বিদ্যালয়ৰ পৰা উভতি অহাৰ পথতে দুজন দুৰ্বৃত্তই বাট আগচি শিক্ষয়ত্ৰী গৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে নগদ ধন, মোবাইলসহ বেগ কাঢ়ি লৈ যায়৷

দিন দুপৰতে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বৰপেটা সদৰ থানাৰ অন্তৰ্গত জতি গাঁৱত৷ এই ডকাইতি ঘটনাৰ বলি হোৱা শিক্ষয়ত্ৰী গৰাকী হৈছে সুন্দৰীদিয়া গাঁৱৰ কলয়াহাটী নিবাসী বৰ্ণালী দাস৷ বৰপেটা চহৰৰ সমীপৱৰ্ত্তী জনীয়া গাঁৱৰ এখন ব্যক্তিগত কলেজত বৰ্ণালী দাসে বিষয় শিক্ষক হিচাপে শিক্ষকতা কৰি আছে৷ শিক্ষয়ত্ৰী গৰাকীয়ে ঘৰৰ পৰা স্কুটীৰে কলেজলৈ অহা যোৱা কৰে ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, মঙ্গলবাৰে দিনৰ প্ৰায় ১২ঃ১৫ বজাত বৰ্ণালী দাসে নিজৰ স্কুটীখনেৰে ঘৰলৈ উভতি অহাৰ সময়তে দুজন যুৱকে শিক্ষয়ত্ৰী গৰাকীৰ পিচ লয়৷ বাইকেৰে অহা যুৱক দুজনে বৰপেটা ফখৰুদ্দিন চিকিৎসা মহাবিদ্যালয় নৌপাওতেই যতি গাঁৱত থকা পেট্ৰ'ল পাম্পৰ ওচৰত শিক্ষয়ত্ৰী গৰাকীক বাট আগচি ধৰে আৰু শাৰীৰিকভাৱে আক্ৰমণ কৰি টকা, মোবাইলসহ বেগখন কাঢ়ি লৈ যায় ৷

উক্ত সময়চোৱাত শিক্ষয়ত্ৰীগৰাকীয়ে সহায় বিচাৰি চিঞৰ বাখৰ কৰিছিল যদিও লক্ষণীয়ভাৱে শিক্ষয়ত্ৰী গৰাকীক সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহিল৷ পিচত শিক্ষয়ত্ৰী গৰাকীয়ে নিজৰ স্কুটীখনেৰে দুৰ্বৃত্ত দুজনৰ পিচ লয় যদিও দুৰ্বৃত্ত দুজনে পলাই যাবলৈ সক্ষম হয় ৷ দিন দুপৰতে সংঘটিত এই ঘটনাই সমগ্ৰ বৰপেটাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দিন দুপৰতে এগৰাকী শিক্ষয়ত্ৰীক বাট আগচি এনেদৰে ডকাইতি কৰি লুটি নিয়া কাৰ্যই সাধাৰণ লোকৰ জীৱন আৰু সম্পত্তিৰ কিমান নিৰাপদ , সেই সন্দৰ্ভত প্ৰশ্নৰ সৃষ্টি কৰিছে ৷ ইপিনে , ঘটনা সন্দৰ্ভত বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰিছে৷ ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in