বৰপেটাত কোভিড প্ৰট’ক’ল অমান্য, বহৰি সাপ্তাহিক বজাৰত উপস্থিত চক্ৰ বিষয়া…

বৰপেটাত কোভিড প্ৰট’ক’ল অমান্য, বহৰি সাপ্তাহিক বজাৰত উপস্থিত চক্ৰ বিষয়া…

ডিজিটেল সংবাদ, চেঙা: কোৰোনাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ পাছত ৰাজ্যত নতুনকৈ জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা। বুধবাৰৰ পৰা প্ৰযোজ্য হৈছে এই নতুন নিৰ্দেশনা। দিনৰ দুই বজাত দোকান-পোহাৰ, হাট- বজাৰ বন্ধৰো নিৰ্দেশ দিয়া হৈছিল জিলা প্ৰশাসনৰ তৰফৰ পৰা। কাৰ্যত: চৰকাৰে জাৰি কৰা এই নিৰ্দেশনা একাংশ ব্যৱসায়ীয়ে ভংগ কৰা পৰিলক্ষিত হৈছে।

একাংশ অসচেতন লোকৰ বাবেই বৃহস্পতিবাৰে বৰপেটা জিলাৰ বহৰি সাপ্তাহিক বজাৰত ধোঁৱাচাঙত উঠিল কোভিড প্ৰট'কল। দিনৰ দুই বজাৰ পাছতো বহৰিত খোলা হৈ থাকিল বজাৰ । ফলত বাধ্য হৈ বজাৰখনত উপস্থিত হয় চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ।

তাৰাবাৰী আৰক্ষী থানাৰ এটি আৰক্ষীৰ দল লগত লৈ চক্ৰ বিষয়াগৰাকীয়ে এফালৰ পৰা ভাঙি দিয়ে বজাৰ। বিশেষকৈ পাঁচলি বজাৰত হাতত এচাৰি লৈ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গ'ল চক্ৰ বিষয়া নিতুল খাটনিয়াৰক । কোভিড প্ৰটকল মানি চলিবলৈ ব্যৱসায়ী সকলক সঁকিয়াই দিয়ে চক্ৰ বিষয়া নিতুল খাটনিয়াৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in