বৰপেটাত অনুষ্ঠিত হ’ল দেশৰ প্ৰথম জিলাভিত্তিক ভোজন অধিকাৰ মেলা…

বৰপেটাত অনুষ্ঠিত হ’ল দেশৰ প্ৰথম জিলাভিত্তিক ভোজন অধিকাৰ মেলা…

ডিজিটেল সংবাদ, বৰপেটাঃ 'যোৱা ডেৰ দশকৰ পৰা মানুহৰ পৰিৱৰ্তিত খাদ্যভ্যাসে স্বাস্থ্যজনিত বহু সমস্যাৰ সৃষ্টি কৰিছে ৷ পদপথৰ অপৰিস্কাৰ দোকানত খাদ্যগ্ৰহণ, ফাষ্টফুড আদিৰ অত্যাধিক ব্যৱহাৰ আৰু পৰিশ্ৰমৰ অভাৱত আমাৰ শৰীৰত মেদবহুলতা, হৃদৰোগ আদি বিভিন্ন বেমাৰৰ সৃষ্টি হৈছে ৷ ইয়াৰ পৰা নিৰাময় পোৱাৰ বাবে সঠিক আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা বিষয়টো আমি প্ৰত্যেকে গুৰুত্ব সহকাৰে লব লাগিব ৷'- এই মন্তব্য বৰপেটা সদৰ সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ ৷

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষ, নতুন দিল্লীৰ স্বেচ্ছাসেৱী সংগঠন খাদ্য আৰু পৰিপুষ্টি সুৰক্ষা সংস্থা আৰু চেন্টাৰ ফৰ চাচটেইনেবল ডেভলপমেন্ট গ'লৰ সহযোগত আজি বৰপেটাত অনুষ্ঠিত হোৱা দেশৰ ভিতৰতে প্ৰথম জিলাভিত্তিক ভোজন অধিকাৰ মেলা উদ্বোধন কৰি বিধায়ক দাসে কয় যে, খাদ্যৰ প্ৰতি জ্ঞান নথকাৰ বাবে আমাৰ দেশত বছৰি বহু লোক পুষ্টিহীনতাত ভোগে ৷ আনকি দেশত পুষ্টিহীনতাত ভূগি বহু লোকৰ অকাল মৃত্যুও হৈছে ৷ সেইবাবে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত প্ৰত্যেকে সচেতন হোৱা দৰকাৰ ৷ তেওঁ পুষ্টিকৰ আৰু স্বাস্থ্যসন্মত খাদ্যইহে মানুহক সতেজ,নিৰোগী কৰি ৰাখে বুলিও কয় ৷

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই কয় যে,খাদ্যৰ ভেজালকৰনে মানুহৰ শৰীৰত নানা জটিল ৰোগৰ সৃষ্টি কৰিছে ৷ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত প্ৰত্যেকে সাৱধান হোৱা উচিত ৷ বজাৰৰ খাদ্য সমূহৰ তুলনাত থলুৱা খাদ্য আমাৰ পৰিবেশ পৰিস্থিতিৰ অনুকুল আৰু পুষ্টিকৰো ৷ এনে ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ প্ৰত্যেককে পাৰ্যমানে থলুৱা আৰু পৰম্পৰাগত খাদ্য গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

বৰপেটা জিলা পুথিভড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত অসম চৰকাৰৰ খাদ্য সুৰক্ষা বিষয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া মুকুল চন্দ্ৰ গগৈ,জিলা উন্নয়ন আয়ুক্ত বাবুল চহৰীয়া,খাদ্য আৰু পৰিপুষ্টি সুৰক্ষা সংস্থাৰ কাৰ্যবাহী সঞ্চালক ড° সুজিত ৰঞ্জন,বিশ্ববেংকৰ কাৰ্যবাহী ড°দিপীকা আনন্দ আৰু অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷

দেশৰ ভিতৰতে প্ৰথম জিলাভিত্তিক এই ভোজন অধিকাৰ মেলাত অসম চৰকাৰৰ স্বাস্থ্য,সমাজ কল্যাণ,জনস্বাস্থ্য কাৰিকৰী আদি বিভিন্ন বিভাগৰ বিপনীয়ে অংশগ্ৰহন কৰে ৷ এই মেলাত কম খৰছতে কেনেকৈ পুষ্টিকৰ খাদ্য প্ৰস্তুত কৰিব পাৰি তাৰ আৰ্হিও প্ৰদৰ্শন কৰা হয় ৷ ইয়াৰ উপৰি বাটৰ নাট,ভিডিও প্ৰদৰ্শন, কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয় ৷ পুৱা ৭ বজাত যোগভ্যাসেৰে আৰম্ভ অনুষ্ঠানত ৮ বজাত চাইকেল ৰেলীও উলিওৱা হয় ৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে এই মেলাৰ সামৰণি পৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in