‘কা’ বাতিলৰ দাবীত জনতাৰ জনজাগৰণ সভা, বিজেপিক উৎখাতৰ আহ্বান, শিল্পী-সাংবাদিক, বুদ্ধিজীৱীৰ বৰপেটাত প্ৰতিবাদ, VIDEO

‘কা’ বাতিলৰ দাবীত জনতাৰ জনজাগৰণ সভা, বিজেপিক উৎখাতৰ আহ্বান, শিল্পী-সাংবাদিক, বুদ্ধিজীৱীৰ বৰপেটাত প্ৰতিবাদ, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ "আমাৰ ভাষা সংস্কৃতি ধ্বংস হ'ব ধৰিছে গতিকে এই সময়ত ক্ষান্ত হৈ থকাৰ প্ৰশ্ন নাই। ক'লা আইন তথা জাতিধ্বংসী আইন "কা" বাতিল নকৰা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব।" বৰপেটাৰ ভেল্লাত অনুষ্ঠিত জনতাৰ জাগৰণ সভাত উপস্থিত হৈ এইদৰে কয় জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই। "আমাৰ অসমত ৰঙা, হালধীয়া, সোণ বৰণীয়া ধুনীয়া ফুলনিখনত জাবৰ জাপি দি আমাৰ বাৰেৰহনীয়া ফুলনি খন ধ্বংস কৰি দিবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰিছে" বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সংগ্ৰামী সাংবাদিক অজিত কুমাৰ ভূঞাই।

এই প্ৰতিবাদী জনসভাতে তেওঁ সৰ্বানন্দ সোণোৱালক দিল্লীৰ চাবি দিয়া পুতলা বুলি আখ্যা দিয়ে। ক্ষমতাৰ বাবে জাতিক বিক্ৰী কৰা সকলক জনতাৰ আদালতে কেতিয়াও ক্ষমা নকৰে বুলি তেওঁ ব্যক্ত কৰাৰ লগতে বদন বৰফুকনে মানক মাতি অনা বাবেই আমি হাৰিছিলোঁ আৰু সেইবাবেই আজি বদন বৰফুকনবোৰক আমি চিনাক্ত কৰি ৰাইজৰ আদালতত বিচাৰ কৰিব লাগিব বুলি ব্যক্ত কৰে।

এই আইনখনক লৈ তীব্ৰ অপপ্ৰচাৰ চলাই মিথ্যাচাৰেৰে ৰাইজক আভুৱা ভাৰি আছে বুলি কোৱাৰ লগতে অজিত কুমাৰ ভূঞাই অসমৰ কাৰণে এই জঘন্য আইন অনা হৈছে আৰু সামৰিক বাহিনী আৰু পুলিচ বাহিনীৰ জৰিয়তে অসমৰ ৰাইজক দমন কৰি এই আইন প্ৰয়োগ কৰিব বিচৰা হৈছে বুলিও ব্যক্ত কৰে। এই আইনৰ বাবে আজি ক্ষমতাৰ মোহত অন্ধ হৈ থকা সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰ মোহন পাটোৱাৰীয়ে নিৰ্বাচন খেলিবলৈ এদিন সমষ্টি বিচাৰি নাপাব বুলিও মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই।

হিন্দু বঙালীসকলক উদ্দেশ্য কৰি অজিত কুমাৰ ভূঞাই কয় যে, "আপোনালোকে এই ষড়যন্ত্ৰত ভৰি নথ'ব। নহ'লে হিন্দু বাংলাদেশী অসমলৈ আহিলে আমাৰ অসমত থকা বঙালীসকল সদায় সন্দেহৰ পাত্ৰ হৈ থাকিব লাগিব।" উল্লেখযোগ্য যে, সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত বুধবাৰে ভেল্লাত অনুষ্ঠিত হয় এক প্ৰতিবাদী সভা। ভেল্লা আঞ্চলিক "কা" বিৰোধী মঞ্চৰ উদ্যোগত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত জনতাৰ জাগৰণ সভাত উপস্থিত হৈ ভাষণ প্ৰদান কৰে সংগ্ৰামী নেত্ৰী মীৰা বৰঠাকুৰে।

মীৰা বৰঠাকুৰে ভাষণ প্ৰদান কৰি কয় যে, হিন্দু ভোটাৰ সৃষ্টিৰ লক্ষ্যৰে এক ৰাজনৈতিক সমীকৰণৰে ক্ষমতা দখলৰ ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে। জাতি, মাটি, ভেটিৰ সলনি ক্ষমতাৰ বাবেহে লালায়িত এইখন চৰকাৰ। মীৰা বৰঠাকুৰে অসমৰ চৰণীয়া পথাৰ নতুবা চৰ -চাপৰিত যাতে কোনো কাৰণতে বাংলাদেশীয়ে টিনৰ চালি দি সংস্থাপিত হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক এই বাংলাদেশীসকলক উচ্চেদৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

এই প্ৰতিবাদী জনসভাত মনজিত মহন্তই ভাষণ প্ৰদান কৰি জাতিৰ নায়ক হিচাপে ফুলৰ মালা লৈ ডিঙি বেঁকা হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ- ভৈয়াম বুলি কৈ অসমখনক চাৰিটা ভাগত বিভক্ত কৰিছে বুলি মন্তব্য কৰে। চৰকাৰৰ দমন নীতি আৰু ৰঙা চকুক কোনো কাৰণতে ভয় নকৰে বুলি ব্যক্ত কৰি মনজিত মহন্তই কয় যে, খেলপথাৰত সীমাবদ্ধ আন্দোলনে চৰকাৰক লৰাব নোৱাৰিব, এই "কা" বিৰোধী আন্দোলন পুনৰ ৰাজপথলৈ ওলাই আহিব লাগিব আৰু তীব্ৰ হ'ব লাগিব।

সভাত অংশ লৈ জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে কয় যে, "অসমীয়া জাতিৰ স্বাভিমান ৰক্ষাৰ যুঁজত যদি এইবাৰ আমি হাৰো তেতিয়া হ'লে অসমীয়া জাতিৰ স্বাভিমান আৰু জাতিসত্বা কেতিয়াও ৰক্ষা কৰিব নোৱাৰোঁ। কেইবা হাজাৰ লোক উপস্থিত থকা এই প্ৰতিবাদী জনসভাত সন্মিলিত সংগ্ৰামী মঞ্চৰ আহ্বায়ক লাচিত বৰদলৈ, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সম্পাদক আজিজুল ৰহমান, কটন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, সংগীত শিল্পী নেকিব, বাবু, অজয় ফুকন, ৰেকিব, বৰপেটা জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি গুণজিৎ চৌধুৰী আদিয়ে অংশ লৈ ভাষণ প্ৰদান কৰে।

সংগীত পৰিবেশন কৰাৰ মাজতে এই হিন্দু- মুছলমানৰ নামত হোৱা আন্দোলনৰ মাজত একাংশ মুছলমান লোকে সুবিধা লৈ আছে আৰু সেই সকলক চিনাক্ত কৰিবলৈ আহ্বান জনায় কন্ঠশিল্পী নেকিবে।

আমি অসমীয়া সংস্কৃতিহে শিকিব লাগিব আমি ব'হাগ বিহু পাতিব লাগিব আৰু আমি ধৰ্মীয় ৰাজনীতি ওফৰাই দিব লাগিব বুলিও নেকিবে উদাক্ত কন্ঠে আহ্বান জনায়। আলী বা হুছেইন চাই ভোট দিয়াৰ সলনি এগৰাকী ভাল মানুহ চাই ভোট প্ৰদান কৰিবলৈও কন্ঠশিল্পী নেকিবে আহ্বান জনায়।

একেদৰে জনপ্ৰিয় কন্ঠশিল্পী বাবুই মানুহ হত্যাকাৰী বিজেপিক পুনৰ ভোট নিদিবলৈ স্পষ্ট ভাবে আহ্বান জনায় আৰু অসমীয়া ভাষা সংস্কৃতি বিপন্ন কৰিব খোজা এই সংশোধিত নাগৰিকত্ব আইন কেতিয়াও মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে। অসম বেচিব বিচৰা বেপাৰী চৰকাৰ আখ্যা দি এই প্ৰতিবাদী জনসভাৰ পৰাই চৰকাৰক কঠোৰ সকিয়নী প্ৰদান কৰে কন্ঠশিল্পী বাবু বৰুৱাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in