দৰিদ্ৰতাৰ বাবেই পত্নীক বেশ্যা বৃত্তিত জড়িত কৰালে স্বামীয়ে, আটক চাৰি জন…

দৰিদ্ৰতাৰ  বাবেই পত্নীক  বেশ্যা বৃত্তিত জড়িত কৰালে স্বামীয়ে, আটক চাৰি জন…

ডিজিটেল সংবাদ , বৰপেটা':- দৰিদ্ৰতাই পিষ্ট কৰা এটি দুৰ্ভগীয়া পৰিয়ালৰ জীয়া কাহিনী শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ ৷ বৰপেটা জিলাৰ মন্দিয়াৰ এটি দৰিদ্ৰ পৰিয়ালত সংঘটিত হৈছে এনে এক অভাৱনীয় ঘটনা ৷

আৰ্থিক সংকটৰ জোৰা মাৰিব নোৱাৰা স্বামীয়ে বেশ্যা বৃত্তিৰ সৈতে জড়িত কৰালে নিজ পত্নীক ৷অভিযোগ অনুসৰি স্বামীয়ে তিনি যুৱকক গতালে পত্নীক ৷ স্বামীৰ কথাত মান্তি হয় দুদিন ধৰি লঘোনে থাকিল সাতমহীয়া গৰ্ভৱতী পত্নী ৷

দহ হেজাৰ টকাৰ বিনিময়ত এনিশাৰ বাবে তিনি যুৱকৰ শয্যাসংগী হয় মহিলাগৰাকী ৷ কিন্তু যুৱক তিনিজনে চুক্তি অনুসৰি দহ হেজাৰ টকা আদায় নিদিয়াৰ পিচত আৰক্ষীৰ কাষ চাপে মহিলাগৰাকীৰ স্বামী ৷ তিনি যুৱকৰ বিৰুদ্ধে ধৰ্ষণ-অপৰহণৰ অভিযোগ তুলি পত্নীৰ হতুৱাই থানাত এজাহাৰ দাখিল কৰে স্বামীয়ে ৷

কিন্তু আৰক্ষী তদন্তত ঘটনাৰ আঁৰৰ প্ৰকৃত সকলো তথ্য পোহৰলৈ আহে ৷ দৰিদ্ৰতাৰ বাবেই পত্নীক বেশ্যা বৃত্তিৰ সৈতে জড়িত কৰাবলৈ বাধ্য হোৱা বুলি স্বীকাৰ কৰে মহিলাগৰাকীৰ স্বামীয়ে ৷ইতিমধ্যে ঘটনা সংক্ৰান্তত মহিলাগৰাকীৰ স্বামী ছৰিফুল ইছলামসহ তিনি যুৱক ক্ৰমে চানিদুল ওৰফে ছাদ্দাম আলী,দেৱান পাচান আলী আৰু চুলেমান আলীক গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে বৰপেটাৰ আদালতত হাজিৰ কৰোৱা হয় ৷ বৰপেটা আৰক্ষীৰ আৱেদন মৰ্মে অভিযুক্ত চাৰিওজনকে আদালতে চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in