বৰপেটাৰ কেওঁটকুছিত ভয়াবহ পথ দূৰ্ঘটনা,ট্ৰেন্সফৰ্মাৰ ভাঙিলে ব’লেৰ পিক আপ ভানে…

বৰপেটাৰ কেওঁটকুছিত ভয়াবহ পথ দূৰ্ঘটনা,ট্ৰেন্সফৰ্মাৰ ভাঙিলে ব’লেৰ পিক আপ ভানে…

ডিজিটেল সংবাদ , বৰপেটা : বৰপেটা চহৰৰ সমীপৱৰ্ত্তী কেওঁটকুছি গাঁৱৰ চ'কত এক ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ বৃহস্পতিবাৰে ৰাতি প্ৰায় ৯-১৫ বজাত এখন তীব্ৰবেগী পিকআপ ব'লেৰ ভানে খুন্দিয়াই ভাঙি পেলায় ট্ৰেন্সফৰ্মাৰ ৷ অৱশ্যে , এই পথ দূৰ্ঘটনাটোৰ পৰা কথমপি ৰক্ষা পৰে কেবাজনো লোকৰ ৷

দূৰ্ঘটনাটোৰ ফলত গাড়ীখনৰ ভিতৰত থকা তিনিজন লোক গুৰুতৰভাবে আহত হয় ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে , আজি ৰাতি প্ৰায় ৯-১৫ বজাত তীব্ৰ গতিৰে বৰপেটা অভিমুখে আহি থকা অৱস্থাতে এ এচ ০১এল চি ৯৩৭৪ নম্বৰৰ বলেৰ' পিক আপ ভান এখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় ৷ ফলত কেওঁটকুছি গাঁৱৰ চকত থকা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ চৌহদত প্ৰবেশ কৰি প্ৰচণ্ড খুন্দা মাৰে ৷ ফলত সম্পুৰ্ণৰূপে ট্ৰেন্সফৰ্মাৰটো ভাঙি যায় ৷

অৱশ্যে এই দূৰ্ঘটনাটোৰ পৰা সৌভাগ্যক্ৰমে কেবাজনো লোকৰ প্ৰাণ ৰক্ষা পৰে ৷ কিয়নো দূৰ্ঘটনা সংঘটিত হোৱা স্থানতে গাঁৱৰে স্থানীয় কেইজনমান শাক পাচলিৰ ব্যৱসায়ীয়ে নিতৌ শাক পাচলি বিক্ৰী কৰে ৷ পূৰ্বৰ দৰে আজিও দুজনমান ব্যৱসায়ীয়ে উক্ত স্থানত শাক পাচলি বিক্ৰী কৰি আছিল যদিও দূৰ্ঘটনাটো সংঘটিত হোৱাৰ কেইটামান মুহূৰ্তৰ পুৰ্বে তেওঁলোকে দোকান সামৰিছিল ৷ ইপিনে , ট্ৰেন্সফৰ্মাৰটো ভাঙি যোৱাৰ ফলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে ৷ গাড়ীখনত থকা তিনিজন লোক আহত হয় যদিও লোককেইজনক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in