বৰপেটাৰোড-মানাহ সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী

বৰপেটাৰোড-মানাহ সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী

ডিজিটেল সংবাদ, শালবাৰীঃ বুধবাৰে দুপৰীয়া বৰপেটাৰোড-মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ বাজেগাঁৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী সামগ্ৰী কঢ়িওৱা মেজিকৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী বাইক আৰোহী যুৱক৷ বৰপেটাৰোডৰ পৰা আহি থকা এএছ১৫-এচি-০৭৬৭ নম্বৰৰ তীব্ৰবেগী সামগ্ৰী কঢ়িওৱা মেজিকখনে এএছ১৫-কে-৫৬১০ নম্বৰৰ য়ামাহা এফ জেড-এছ বাইকখনক খুন্দিয়ায়।

দুৰ্ঘটনাত থিতাতে নিহত হয় খৈৰাবাৰীৰ বাইক আৰোহী বিশ্বজিৎ ৰয় কৰ্মকাৰ(২৬) নামৰ যুৱকজন৷ মেজিকখনো নিয়ন্ত্ৰন হেৰুৱাই ৰাস্তাৰ কাষৰ দ' খাৱৈত বাগৰি পৰে৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰে মেজিকখনৰ চালক ৷ লগে লগে বৰপেটাৰোড আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো আৰক্ষী থানালৈ লৈ যায় ৷ মেজিখনৰ চালক বৰ্তমান পলাতক অৱস্থাত৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in