বৰপথাৰত ধনশিৰি নদীত যুৱক সন্ধানহীন

ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি নদীত মনসা দেৱীৰ মূৰ্ত্তি বিসৰ্জন দিবলৈ গৈ বৰপথাৰৰ এজন যুৱক সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে | যুৱকজন হৈছে বৰপথাৰৰ কৈলানীপাৰাৰ দিপাংকৰ দাস (৩২) | জানিব পৰা মতে, সন্ধিয়া প্ৰায় ৬ বজাত ধনশিৰি নদীত মনসা পূজাৰ সম্পন্ন কৰি দেৱীৰ মূৰ্তি বিসৰ্জন দিবলৈ  গৈ ফেনে ফুটুকাৰে বাঢ়ি থকা ধনশিৰি নদীৰ সোঁতে যুৱকজনক উটোৱাই লৈ যায় ।

যুৱকজনক উদ্ধাৰ কৰিবলৈ আন দুজন লোকে চেষ্টা কৰিছিল যদিও বিফল হয় আৰু দীপাংকৰ দাস নামৰ যুৱকজন নদীৰ সোঁতে লৈ যায় । ইতিমধ্যে বৰপথাৰ আৰক্ষী ঘটনাস্হলীত উপস্হিত হৈ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ লোকক এই বিষয়ে অৱগত কৰিছে যদিও বহু আন্ধাৰ হোৱাৰ বাবে নিশা অভিযানৰ পৰা বিৰত থাকে বুলি অৱগত কৰে কাইলৈ পুৱাহে উদ্ধাৰ অভিযান চলাব বুলি জানিবলৈ দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in