বৰপথাৰত ড্ৰাগছ সেৱন কৰি মাটিত পৰি থকা অৱস্থাত উদ্ধাৰ এজনক…

বৰপথাৰত ড্ৰাগছ সেৱন কৰি মাটিত পৰি থকা অৱস্থাত উদ্ধাৰ এজনক…

ডিজিটেল সংবাদ, সৰুপথাৰ: গোলাঘাট জিলাৰ বৰপথাৰত এতিয়া সুলভ হৈ পৰিছে মাৰাত্মক ড্ৰাগছ। তদুপৰি, আৰক্ষী থানাৰ পৰা কিছু নিলগত দিনতেই বহু যুৱকে ড্ৰাগছ সেৱন কৰি মাটিতে পৰি থাকে যদিও আৰক্ষীয়ে গমেই নাপাই বুলি অভিযোগ উত্থাপন হৈছে।

বৰপথাৰ আৰক্ষী থানাৰ পৰা কিছু নিলগত বৰপথাৰ নগৰৰ মাজমজিয়াৰ এটি গলিত বুধবাৰে পুৱা এজন যুৱকে মাৰাত্মক ড্ৰাগছ সেৱন কৰি মাটিত পৰি থকা ব্যৱসায়ী সকলে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। তাৰপাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক লৈ যায় থানালৈ।

দিনে-নিশাই সেই স্থানত ড্ৰাগছ আসক্ত যুৱক সকল আহি ড্ৰাগছ সেৱন কৰে বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে আৰু পৰিবেশ বিনস্ত কৰিছে যদিও আৰক্ষী সক্ৰিয়তা দেখুওৱা নাই বুলি অভিযোগ কৰে। ড্ৰাগছ আসক্ত যুৱক জনে আৰক্ষীক জানিবলৈ দিয়া মতে, উৰিয়ামঘাটৰ পৰা ড্ৰাগছ ব্যৱসায়ীয়ে তেওঁক বৰপথাৰলৈ আহি ড্ৰাগছ দি যায় আৰু তাৰ বিনিময়ত এহাজাৰ টকা লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in